ধৰ্ষণৰ অভিযোগত অভিযুক্ত স্বঘোষিত ধৰ্মীয় গুৰু ৰাম ৰহিমক (Ram Rahim) বিগত ১০ মাহত ৭ বাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছে। এইবাৰ তেওঁ পুনৰবাৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত ২১ দিনৰ পেৰ’লৰ বাবে আবেদন জনায়।
![Ram Rahim Parole I ১০ মাহত ৭ বাৰ পেৰ’লত মুক্তি, ৰাম ৰহিমৰ পুনৰ ২১ দিনৰ পেৰ’লৰ অনুৰোধ 3 Ram Rahim Parole I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240614_205104.jpg?resize=648%2C400&ssl=1)
ডেৰা সাচা সৌদাৰ এটা অনুষ্ঠানৰ কথা উল্লেখ কৰি তেওঁ পেৰ’লত মুক্তিৰ দাবী জনায়। ২ জুলাইত তেওঁক পেৰ’লত মুকলি কৰি দিয়া হ’বনে নহয় সেই সন্দৰ্ভত শুনানি অনুষ্ঠিত হ’ব। উল্লেখ্য, ২৯ জানুৱাৰীত উচ্চ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে ২০ বছৰীয়া কাৰাগাৰত থকা অভিযুক্তজনক কিয় ইমানবাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছে। এনেদৰে কিমানবাৰ কাক পেৰ’লত মুকলি কৰি দিয়া হৈছে তাৰ হিচাপো জানিবলৈ বিচাৰে আদালতে।
উল্লেখ্য, হাৰিয়ানাৰ পঞ্চকুলা আদালতে ৰাম ৰহিমক ডেৰাৰ দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড বিহে। এই ঘটনা পোহৰলৈ অনাৰ বাবে এজন সাংবাদিকক হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডত আন তিনিজনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছে। ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ অভিযোগতো দোষী সাব্যস্ত কৰা হয়। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁক সেই অভিযোগৰ পৰা মুক্ত কৰে।