বিপদ বাঢ়িছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)ৰ ব্যক্তিগত সচিব বৈভৱ কুমাৰ (Personal Secretary Vaibhav Kumar)ৰ। আপৰ সাংসদ স্বাতী মালিৱালক হাৰাশাস্তি (MP Swati Maliwal harassed Case) কৰাৰ বাবে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি পাইছে বৈভৱ কুমাৰৰ। ২২ জুনলৈকে কাৰাগাৰতে কটাব লাগিব বৈভৱে।
১৩ মে’ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আপ সাংসদ স্বাতী মালিৱালক হাৰাশাস্তি কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। ইয়াৰ পিছত স্বাতীৰ অভিযোগৰ ভিত্তিত বৈভৱ কুমাৰক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে আপে বিষয়টোত ৰাজনৈতিক ৰহন লগোৱাৰ চেষ্টা চলাইছিল। আপে বিজেপি ইয়াত জড়িত বুলি দাবী কৰে।