অহংকাৰেই ডুবাইছে বিজেপিক (Arrogance is drowning in BJP)। আৰ এছ এছ নেতা ইন্দ্ৰশীষ কুমাৰে (RSS leader Indrashish Kumar) এই কটাক্ষ কৰে। চলিত লোকসভা নিৰ্বাচনত বিজেপিৰ অতিমাত্ৰা আত্মবিশ্বাসে জনসাধাৰণক তেওঁলোকৰ পৰা বিচ্ছিন্ন কৰি তুলিছে বুলিও তেওঁ কয়। জয়পুৰৰ এক অনুষ্ঠানৰ পৰা ইন্দ্ৰশীষ কুমাৰে কয়, ৰাম ভক্ত হিচাপে অহংকাৰ বাৰে বাৰে প্ৰকাশ পাইছে। আজি নিজকে সৰ্ববৃহৎ দল বুলি দাবী কৰাসকলে ২৪০ খন আসনত ৰৈ গ’ল। ৰামে অহংকাৰৰ উত্তৰ দিছে।
লগতে ইন্দ্রশীষ কুমাৰে ইণ্ডিয়াৰ মিত্রতাকো সমালোচনা কৰে৷ তেওঁ কয়, যিসকলৰ ৰামত বিশ্বাস নাই, তেওঁলোকেও ২৩৪খনতকৈ অধিক আসন নাপালে। ঈশ্বৰৰ এই বিচাৰ সঁচাকৈয়ে আনন্দদায়ক। এই পৰিপ্ৰেক্ষিতত বিজেপি আৰু আৰ এছ এছৰ মাজৰ দূৰত্ব বাঢ়িছে নেকি তাক লৈ চৰ্চা চলিছে । আনহাতে, তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৰাজনৈতিক মহলত।