এটিএম ব্যৱহাৰৰ (ATM Card) খৰচ বৃদ্ধি পাবলৈ গৈ আছে। কনফেডাৰেচন অব এটিএম ইণ্ডাষ্ট্ৰী বা কেটমিয়ে প্ৰতিটো লেনদেনৰ চাৰ্জ ২৩ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই খৰচ অন্তিমবাৰ ২০২১ চনত বৃদ্ধি কৰা হৈছিল।
২০২১ চনত চৰকাৰে কৰা নিয়মৰ বাবে প্ৰতিটো লেনদেনত খৰচ ১৫ টকালৈ বৃদ্ধি কৰা হৈছিল। এতিয়া ই আৰু বৃদ্ধি কৰিবলৈ গৈ আছে। আৰ বি আয়ে প্ৰতিজন ব্যক্তিক নিজৰ বেংকৰ এটিএমৰ পৰা পাঁচটা আৰু আন বেংকৰ এটিএমৰ পৰা তিনিটা বিনামূলীয়া লেনদেন কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ পিছত গ্ৰাহকে প্ৰতিটো লেনদেনৰ বাবে অতিৰিক্ত ধন দিব লাগে।
CATMI-এ কয় যে খৰচ বৃদ্ধিৰ প্ৰস্তাৱ ব্যৱসায়লৈ অধিক ধন অনাৰ বাবে। কিন্তু নতুন প্ৰস্তাৱটো যদি কাৰ্যকৰী হয়, তেন্তে গ্ৰাহকৰ ওপৰত হেঁচা বহু পৰিমাণে বৃদ্ধি পাব।