শুকুৰবাৰে পুৱা কুৱেইটৰ পৰা (from Kuwait) ৪৫ জন ভাৰতীয়ৰ মৃতদেহসহ বায়ুসেনাৰ এখন বিশেষ বিমান কোচি অভিমুখে ৰাওনা (Bodies of 45 people leave for Kochi) হয়। বিমানখনত আছিল বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী তথা গোণ্ডাৰ সাংসদ কীৰ্তি বৰ্ধন সিং। কুৱেইটত থকা ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি, বায়ুসেনাৰ বিশেষ বিমানখন ৪৫ জন ভাৰতীয়ৰ মৃতদেহসহ কোচি অভিমুখে ৰাওনা হয়। গোণ্ডাৰ সাংসদ কীৰ্তি বৰ্ধন সিঙে কুৱেইট প্ৰশাসনৰ সৈতে যোগাযোগত আছে আৰু সমগ্ৰ বিষয়টো তদাৰক কৰে। ইফালে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেৰালাৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য, বুধবাৰে কুৱেইটৰ ছয়মহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয়। তাত মূলত ভাৰতীয়সকলে বাস কৰিছিল। তাৰে ভিতৰত মৃত্যু হয় কমেও ৪৮জন লোকৰ। ইয়াৰে ৪৫ জন ভাৰতীয়। তেওঁলোকৰ নিথৰ দেহ দেশলৈ উভতি আহিছে। জানিব পৰা মতে, নিহতসকলৰ ভিতৰত ২৩ জন কেৰালাৰ বাসিন্দা।