সুদুৰ ইটালীৰ পৰা এটি ১২ বছৰীয়া শিশুক নিজৰ সন্তান হিচাপে লৈ যাবলৈ আহিছে হৃদয়বান পিতৃ-মাতৃ জাৰ্জিঅ’ কাভকাৰ আৰু এলিছা ডেভট৷ কাৰবি আংলং জিলাৰ ধনশিৰিৰ (Dhansiri in Karbi Anglong district) শিশুগৃহৰ (Children’s Home) পৰা আৰ্জিনা নাম শিশুগৰাকীক (Adopted the child’s name Argina) নিজৰ কৰি ল’বলৈ ৬টা বছৰ অপেক্ষা কৰিব লগা হ’ল জাৰ্জিঅ আৰু এলিছে (Georgio and Alice)৷ মঙ্গলবাৰে ডিমাপুৰত আহি উপস্থিত হোৱা দম্পতী হাল বুধবাৰে পুৱাতে আহি কাৰবি আংলং জিলাৰ ধনশিৰিত থকা মিছন কনছান (Mission Consan) নামৰ শিশু গৃটোত উপস্থিত হয় ৷
জিলা প্ৰশাসনৰ তৰফৰ পৰা এ ছি এছ বিষয়া আৰাধনা দাস আৰু এ পি এছ বিষয়া অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা , জিলা ছাইড প্ৰটেকচন বিষয়া বাছাপী টেৰণপী , নটাৰী ফুনু বৰ্মন সহ শুভাকাংশী সকলৰ উপস্হিতিত অশ্ৰুসিক্ত নয়নেৰে আৰ্জিনাক বিদায় দিয়া হয় ৷ শিশু গৃহটোৰ সকলোৰে মাতৃ অম্বিকা প্ৰধানে নিজৰ ভাষণত কয় যে ৬ বছৰ বয়সতে আৰ্জিনা শিশু গৃহলৈ আহিছিল৷ পিছত মেঘালয়ৰ খাচী পৰিয়াল এটাই তাইক নিজৰ সন্তান কৰি লৈছিল যদিও তাই তাত সুখী নোহোৱাত ঘূৰি আহে ৷ কিন্তু এইটো শিশু গৃহৰ পৰা ২০১৯ চনত ফ্ৰান্সলৈ যোৱা পূৰবী , ২০২১ ত মাল্টালৈ যোৱা ফ্লৰিন, ২০২২ ত স্পেইনলৈ যোৱা খুছি আৰু ডেনমাৰ্কলৈ যোৱা জেমছৰ জীৱন শৈলি ভিডিঅ’ কলত দেখি তাই নিজেও যোৱাৰ মন কৰে আৰু আজি তাই নিজৰ পিতৃ-মাতৃক পাই সুখী৷
অৰ্জিনাৰ পিতৃ-মাতৃয়ে ইটালীয়ান (Argina’s parents are Italian) ভাষাতে দিয়া ভাষণ দুভাষীয়ে ভঙাই দিয়ে ৷তেওঁলোকে কয় যে আজি বৰ সুখী ৷ আমি সৌভাগ্যৱান আজি আৰ্জিনাক পাই ৷ পিতৃ জাৰ্জিঅই আবেগিক হৈ কয় যে এই দিনটোৰ বাবে আমি ৬ বছৰ অপেক্ষা কৰি আছিলো ৷ আমি আৰ্জিনাৰ বাবে এটা নতুন কোঠা সকলো সুবিধাৰে নিৰ্মাণ কৰি ৰাখিছো । তাইৰ যি বিষয়তে ৰাপ তাতে সুবিধা দিম জীৱনটো গঢ়িবলৈ ৷ উল্লেখ্য যে আৰ্জিনাই গীত গায় আৰু খেলা-ধুলা কৰি ভাল পাই ৷ শিশু গৃহত কেচুৱা কেইটাৰ লগতে কটাই অধিক সময় ৷ আজি কলকতালৈ গৈ ভিছাৰ কাম কৰি দিল্লীৰ পৰা আৰ্জিনা উৰা মাৰিব ইটালীলৈ ৷ এক আবেগিক পৰিবেশত আৰ্জিনা নামৰ শিশু গৰাকীয়ে এৰিলে মিছন কনৰ্চান ৷