ব্যক্তিগত শিশুগৃহত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে শিশুগৃহটোৰ পৰিচালকৰ বিৰুদ্ধে। এই ঘটনাত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ দিয়ে।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, যোৱা ১৩ অক্টোবৰত মহাৰাষ্ট্ৰৰ মাছৰুলৰ ব্যক্তিগত শিশুগৃহত ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনা যোৱা বুধবাৰে পোহৰলৈ আহে।
অভিযোগ অনুসৰি, ২৮ বছৰীয়া যুৱকজনে নাবালিকাক বলপূৰ্বকভাৱে শিশুগৃহৰ পাৰ্কিং এলেকাত থকা এখন টিনৰ চালৰ ঘৰলৈ লৈ যায়। ইয়াৰ পিছত অভিযুক্তই বলপূৰ্বকভাৱে নাবালিকাক তেওঁৰ মোবাইলৰ পৰা এটা আপত্তিজনক ভিডিঅ’ দেখুৱাইছিল।
পিছত যুৱকজনে নাবালিকাগৰাকীক ধৰ্ষণ কৰে। যোৱা বুধবাৰে এই ঘটনাত নাবালিকাৰ হৈ এজাহাৰ দাখিল কৰা হয়। অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণৰ দফা আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। শিশুগৃহৰ ভিতৰতে নাবালিকাক কেনেদৰে ধৰ্ষণ কৰিলে তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।