
দিল্লীত এগৰাকী ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ। তেওঁৰ মৃতদেহ পথৰ দাঁতিত পেলাই দিয়া হয়। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত কিছুদিন পূৰ্বে হত্যা কৰা বুলি জানিব পৰা গৈছে। যোৱা ১৩ ছেপ্টেম্বৰত উদ্ধাৰ কৰা হয় পচি যোৱা মৃতদেহটো। আনহাতে, ৰাজপথৰ কুকুৰে কিশোৰীগৰাকীৰ শৰীৰৰ কিছু অংশ ফালি পেলোৱা বুলিও অনুমান কৰা হৈছে। এই ঘটনাত মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে তিনিজন নাবালক।
যোৱা ১৩ ছেপ্টেম্বৰত উত্তৰ-পশ্চিম দিল্লীৰ স্বৰূপ নগৰৰ কুশক ৰোডৰ পৰা উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ। মৃতদেহটো ইমানেই বিকৃত অৱস্থাত আছিল যে প্ৰথম অৱস্থাত পুৰুষ নে মহিলা সেয়াও স্পষ্ট হোৱা নাছিল। এখন হাত দেহৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে কিশোৰীগৰাকীক টেম্পোত দলবদ্ধ ধৰ্ষণ কৰা হৈছে। তাতে তেওঁক মাৰপিট কৰি ৰাস্তাত পেলাই দিয়ে। টেম্পোখন চিনাক্ত কৰা হৈছে। তদন্তকাৰী বিষয়াসকলে অঞ্চলটোৰ কমেও ৫০টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি অভিযুক্তক চিনাক্ত কৰে। অনুমান কৰা হৈছে যে তেওঁলোক কিশোৰীগৰাকীৰ চিনাকি আছিল। গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা উদ্ধাৰ হৈছে এই অপৰাধত ব্যৱহৃত দুখন ছুৰী।

আৰক্ষীয়ে জনোৱা মতে, বিগত কেইবাদিনো ধৰি কিশোৰীগৰাকী ঘৰলৈ উভতি অহা নাছিল। কিন্তু তথাপিও তেওঁৰ পৰিয়ালৰ লোকে থানাত তেওঁৰ নিৰুদ্দেশ গোচৰ ৰুজু কৰা নাছিল। তেওঁলোকে দাবী কৰে যে তেওঁ মাজে মাজে ঘৰৰ পৰা ওলাই গৈ তিনি-চাৰি দিনৰ পিছত উভতি আহিছিল। গতিকে এইবাৰো কোনেও সন্দেহ কৰা নাছিল। দিল্লী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু পক্সো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
প্ৰথম অৱস্থাত এই ঘটনাৰ কোনো প্ৰত্যক্ষদৰ্শী নোপোৱাত তদন্তকাৰীৰ হাতত কেৱল চিচিটিভিৰ ফুটেজহে আছিল। য’ৰ পৰা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়, তাৰ পৰা নিশাৰ ভাগত চিচিটিভি কেমেৰাত দেখা গ’ল কিশোৰীগৰাকীৰ ওচৰত এখন টেম্পো আছিল। কিন্তু তাৰ নম্বৰ প্লেট স্পষ্ট নাছিল। ফলত আৰক্ষীয়ে অঞ্চলটোৰ বাকী থকা ফুটেজসমূহো চাবলৈ আৰম্ভ কৰে। ১৫ ছেপ্টেম্বৰত গোটেই নিশা তালাচী চলাই সন্দেহজনক টেম্পোখন উদ্ধাৰ কৰে। চালকজনক সোধা-পোছা কৰাৰ অন্তত উদ্ধাৰ হয় অভিযুক্ত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক। তেওঁলোক খাড্ডা কলনীৰ বাসিন্দা। ধৃত নাবালককেইটাৰ বয়স ১৬ৰ পৰা ১৭ বছৰৰ ভিতৰত। ঘটনাৰ সময়ত তেওঁলোকে পিন্ধি থকা কাপোৰসমূহো সংৰক্ষণ কৰিছে আৰক্ষীয়ে। টেম্পোখন জব্দ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্তকাৰীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলক সোধা-পোছা কৰি ঘটনা সন্দৰ্ভত সবিশেষ জানিবলৈ চেষ্টা চলাইছে। কিশোৰীগৰাকীৰ সৈতে অভিযুক্তৰ সম্পৰ্ক, কোনো কাৰণত কাৰোবাৰ ছোৱালীজনীৰ ওপৰত কোনো আক্ৰোশ আছিল নেকি সেই সম্পৰ্কেও তদন্ত অব্যাহত আছে।













