
চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰোধ কৰাৰ বাবে এইবাৰ কঠোৰ পদক্ষেপ ল’বলৈ গৈ আছে কেন্দ্ৰই। স্বাস্থ্য মন্ত্ৰালয়ে খুচুৰা ঔষধৰ বিপণীত চিচিটিভি বাধ্যতামূলক কৰি চোৰাংচোৱাগিৰি বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ১৯৪৫ চনৰ ড্ৰাগছ বিধি সংশোধন কৰি এই নতুন নিয়ম প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে। এই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোৱা ৮ ছেপ্টেম্বৰত এক খচৰা অধিসূচনা জাৰি কৰিছিল। প্ৰস্তাৱিত সংশোধনীত উল্লেখ কৰা হৈছে যে পঞ্জীয়নভুক্ত চিকিৎসকৰ প্ৰেছক্ৰিপচন অনুসৰি ঔষধ বিক্ৰীৰ সমগ্ৰ প্ৰক্ৰিয়াটো অনুজ্ঞাপত্ৰপ্ৰাপ্ত ঔষধৰ দোকানত চিচিটিভি কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰিব লাগে।
কেৱল সেয়াই নহয়, চিচিটিভিৰ ফুটেজ তিনিমাহলৈ সংৰক্ষণ কৰিব লাগে। কিন্তু পাইকাৰী ঔষধ বিক্ৰেতাসকলক এই নিয়মৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে। এই প্ৰস্তাৱ ড্ৰাগছ কনছালটেটিভ কমিটীত (ডিচিচি) আলোচনাৰ অন্তত ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব’ৰ্ডৰ (ডিটিএবি) সদস্যসকলে পৰ্যালোচনা কৰে। চৰকাৰৰ মতে এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে প্ৰেছক্ৰিপচন অবিহনে ঔষধৰ অবৈধ বিক্ৰী বন্ধ কৰা আৰু ঔষধৰ বিক্ৰী অধিক স্বচ্ছ আৰু দায়বদ্ধ হোৱা। এই নিয়ম কাৰ্যকৰী হ’লে ঔষধ বিক্ৰীৰ ‘ভিজুৱেল ৰেকৰ্ড’ থাকিব।

ফলত যদি নিয়ম উলংঘাৰ কোনো অভিযোগ উত্থাপন হয় তেন্তে নিয়ন্ত্ৰণকাৰী সংস্থাসমূহে সহজেই তদন্ত কৰিব পাৰিব। বৰ্তমান ১৯৪৫ চনৰ আইনৰ অনুসূচী H, H1 আৰু X ত অন্তৰ্ভুক্ত ঔষধ বিক্ৰীৰ ক্ষেত্ৰত কিছুমান কঠোৰ নিয়ম আছে। অৱশ্যে প্ৰস্তাৱিত চিচিটিভি চোৱাচিতাৰ নিয়ম কেৱল সেই নিৰ্দিষ্ট তালিকাত থকা ঔষধৰ মাজতে সীমাবদ্ধ নাথাকিব। মন্ত্ৰালয়ৰ মতে, কাহৰ চিৰাপকে ধৰি প্ৰেছক্ৰিপচন নিৰ্ভৰশীল সকলো ঔষধৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব।
চিকিৎসাৰ উপযুক্ত পৰামৰ্শ অবিহনে ঔষধ বিশেষকৈ কাহৰ চিৰাপৰ অনিয়ন্ত্ৰিত অপব্যৱহাৰক লৈ বিশেষজ্ঞসকলে বহুদিনৰ পৰাই চিন্তিত হৈ আহিছে। বিশেষকৈ শিশুৰ বয়স আৰু শাৰীৰিক অৱস্থা অনুযায়ী ঔষধৰ সঠিক মাত্ৰা দিয়াটো অতি প্ৰয়োজনীয়। সেই কথা মনত ৰাখি চৰকাৰে সমগ্ৰ দেশতে প্ৰেছক্ৰিপচন ভিত্তিক ঔষধৰ বিক্ৰীৰ ক্ষেত্ৰত চোৰাংচোৱাগিৰি কটকটীয়া কৰিবলৈ বিচাৰিছে।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত সংশোধনী সন্দৰ্ভত সাধাৰণ জনতাৰ মতামত বিচাৰিছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দাখিল কৰা মতামত আৰু পৰামৰ্শসমূহ পুনৰীক্ষণ কৰিহে খচৰা নিয়ম কাৰ্যকৰী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাৰ (CDSCO) এক অধিসূচনা অনুসৰি, কেন্দ্ৰই ২০২৬ চনত ড্ৰাগছ নিয়ম, ১৯৪৫ৰ কেইবাটাও সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছে, য’ত প্ৰেছক্ৰিপচন নিয়ন্ত্ৰণ আৰু ঔষধৰ তালিকা বা সূচীত পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰা হৈছে।













