
ছত্তীশগড়ৰ ঝিৰামঘাটীত (Jhirmaghat of Chhattisgarh) মাওবাদী আক্ৰমণৰ দহজন অভিযুক্তৰ বিৰুদ্ধে নিয়া আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। যোৱা ৫ ছেপ্টেম্বৰত ১৩ বছৰ পূৰ্বে মাওবাদীকেইটাক দোষী সাব্যস্ত কৰিছিল নিম্ন ন্যায়ালয়ে। বুধবাৰে জগদলপুৰৰ নিয়া বিশেষ আদালতে তেওঁলোকৰ বাবে সৰ্বোচ্চ শাস্তি ঘোষণা কৰে।
২০১৩ চনৰ ২৫ মে’ত বস্তৰৰ ঝিৰামঘাটীত কংগ্ৰেছ নেতাৰ কনভয়ত মাওবাদী আক্ৰমণ সংঘটিত হয়। ২২১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বিস্ফোৰণত তদানীন্তন ছত্তীশগড় প্ৰদেশ কংগ্ৰেছৰ সভাপতি নন্দ কুমাৰ পেটেল, তেওঁৰ পুত্ৰ দীনেশ, তদানীন্তন বিৰোধী দলপতি মহেন্দ্ৰ কৰ্ম, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিদ্যা চৰণ শুক্লা আৰু প্ৰাক্তন বিধায়ক উদয় মুদলিয়াৰৰ মৃত্যু হয়। মুঠতে ২৪ জন লোকৰ থিতাতে মৃত্যু হয়।

আইইডি বিস্ফোৰণত ৩৫ জন লোক আহত হয়। ইয়াৰে তিনিজনৰ পিছত মৃত্যু হয়। আক্ৰমণৰ পিছত মাওবাদীয়ে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ আগ্নেয়াস্ত্ৰ, ৱাকি-টকি, মোবাইল আদিও লুটপাত কৰে। এই সম্পৰ্কীয় গোচৰত মুঠ ১০১জন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰে আদালতে। আদালতত বিপুল পৰিমাণৰ নথি-পত্ৰ পৰীক্ষা কৰা হয়। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত নিয়াই জগদলপুৰৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল। গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে বিস্ফোৰক আইনকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
প্ৰথমে নিয়াই এই সম্পৰ্কীয় গোচৰত ৯জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। অতিৰিক্ত চাৰ্জশ্বীটত আৰু ৩০ জন লোকৰ নাম সংযোজন কৰা হয়। মুঠ ১০১ জন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰা হয়। যোৱা ৫ ছেপ্টেম্বৰত গোচৰৰ শুনানিত ১০জন লোকক দোষী সাব্যস্ত কৰে যদিও শাস্তি স্থগিত ৰখা হৈছিল।












