
দুটা নতুন ৰে’ল প্ৰকল্পই দিল্লীৰ পৰা চাৰধাম যাত্ৰাৰ সময় যথেষ্ট পৰিমাণে কৰ্তন কৰিব পাৰে। নতুনকৈ প্ৰস্তাৱিত মীৰাট-ঋষিকেশ নমো ভাৰত কৰিড’ৰ আৰু নিৰ্মাণাধীন ঋষিকেশ-কৰ্ণপ্ৰয়াগ ৰে’ল লাইনে কেদাৰ-বদ্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে বহু সময় ৰাহি কৰাৰ সম্ভাৱনা আছে।
ঋষিকেশ-কৰ্ণপ্ৰয়াগ ৰে’লপথৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ১২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথত প্ৰায় ১০৫ কিলোমিটাৰ পাহাৰৰ মাজেৰে সুৰংগ থাকিব। সেয়েহে বিশেষজ্ঞসকলৰ মতে, ই হিমালয় অঞ্চলত নিৰ্মিত অন্যতম সাহসী ৰে’ল প্ৰকল্প হ’বলৈ গৈ আছে। এই ৰে’লপথ নিৰ্মাণৰ লক্ষ্য হৈছে হিমালয়ৰ পৰ্বতমালা পাৰ হোৱাৰ সমস্যা দূৰ কৰা। এই প্ৰকল্প সন্দৰ্ভত এক প্ৰতিবেদনত কোৱা হৈছে যে নমো ভাৰত কৰিড’ৰ সম্পূৰ্ণ হ’লেই দিল্লীৰ পৰা দুঘণ্টাৰ পৰা ডেৰ দুঘণ্টাৰ ভিতৰত ঋষিকেশ পোৱা যাব। কেৱল সেয়াই নহয়, ঋষিকেশ-কৰ্ণপ্ৰয়াগ ৰে’ল লাইনে গড়ৱাল হিমালয়ৰ কেইবাটাও দুৰ্গম অঞ্চলৰ সৈতে যোগাযোগৰ সুবিধা প্ৰদান কৰিব। বৰ্তমান সময়ত ঋষিকেশৰ পৰা গাড়ীৰে কৰ্ণপ্ৰয়াগলৈ যাবলৈ ছয়ৰ পৰা সাত ঘণ্টা সময় লাগে। সেই স্থানত যদি নতুন ৰে’লপথৰ ব্যৱস্থা কৰা হয়, তেন্তে ডেৰ-দুই ঘণ্টাত কৰ্ণপ্ৰয়াগ পোৱাটো সম্ভৱ হ’ব। অৰ্থাৎ দিল্লীৰ পৰা কৰ্ণপ্ৰয়াগলৈ যোৱাৰ সময় ১৩ ঘণ্টাৰ পৰা ৫-৬ ঘণ্টালৈ হ্ৰাস পাব।
যোৱা ১১ ছেপ্টেম্বৰত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘এস্কেপ টানেল-১’ সম্পূৰ্ণৰূপে মুকলি কৰা হৈছিল। ফলত প্ৰায় ৭৫ শতাংশ ৰে’লৱেৰ কাম সম্পূৰ্ণ হৈছে। বিষয়াসকলে জনোৱা মতে, ২০২৯ চনৰ ভিতৰত এই লাইনত ৰে’ল যাতায়াত আৰম্ভ হ’ব। তাৰ পূৰ্বে ২০২৮ চনৰ ভিতৰত এই পথৰ এটা অংশ মুকলি হ’ব পাৰে।

যদিও এই ৰে’লপথেৰে তীৰ্থযাত্ৰীসকলে পোনপটীয়াকৈ কেদাৰনাথ বা বদ্ৰীনাথ মন্দিৰলৈ যাব নোৱাৰিব, তথাপিও কিছু পৰিমাণে চাপ কমি যাব। বদ্ৰীনাথলৈ যাবলৈ যাত্ৰীসকলে কৰ্ণপ্ৰয়াগত ৰে’লত উঠিব লাগিব। তাৰ পৰা যোশীমঠ আৰু বদ্ৰীনাথলৈ গাড়ী পাব। কেদাৰনাথলৈ যাবলৈ যাত্ৰীসকলে ৰে’লত উঠি ৰুদ্ৰপ্ৰয়াগ বা তিলানীলৈ যাব লাগিব আৰু তাৰ পিছত গাড়ীৰে গৌৰীকুণ্ড পাব লাগিব। তাৰ পৰা বাকী পথটো আগৰ দৰে খোজকাঢ়ি যাব। ৰে’লখন কাৰ্যক্ষম হ’লে বৃদ্ধসকলৰ বাবে চাৰধাম যাত্ৰা কিছু সহজ হৈ পৰিব।
এই ৰে’লপথটোৱে ডেৰাডুন, তেহৰি গড়ৱাল, পৌৰী গড়ৱাল, ৰুদ্ৰপ্ৰয়াগ আৰু চামোলী জিলাক স্পৰ্শ কৰিব। ঋষিকেশ, মুনি কি ৰেটি, শিৱপুৰী, ব্যাসী, দেৱপ্ৰয়াগ, মালেঠা, শ্ৰীনগৰ গড়ৱাল, তিলানী, গৌচাৰ আৰু কৰ্ণপ্ৰয়াগকে ধৰি মুঠ ১২ টা ষ্টেচন আছে। যদিহে এই ৰে’ল সেৱা আৰম্ভ কৰা হয়, তেন্তে ই কেৱল স্থানীয় জনসাধাৰণক উপকৃত কৰাই নহয়, পাহাৰীয়া ৰাজ্যখনৰ কৃষি, ব্যৱসায় আৰু পৰ্যটন উদ্যোগৰো উন্নতি সাধন কৰিব।












