
শিশু যৌন নিৰ্যাতনৰ কনটেণ্টৰ বিৰুদ্ধে কঠোৰতা আৰম্ভ কৰিছে কেন্দ্ৰই। এই সন্দৰ্ভত মেটালৈও এখন জাননী প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰৰ দমনৰ মাজতে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মেটাই। মেটাই এতিয়া শিশুৰ যৌন নিৰ্যাতন বা তেওঁলোকৰ সুৰক্ষাৰ সৈতে জড়িত যিকোনো সমস্যাৰ বিষয়ে আৰক্ষী বা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিব। তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মেটা এই বিষয়সমূ দৃষ্টিগোচৰ হ’লে আৰক্ষীক খবৰ দিবলৈ সন্মত হৈছে। ইনষ্টাগ্ৰামত বিজ্ঞাপনৰ জৰিয়তে শিশু যৌন নিৰ্যাতনৰ কনটেণ্ট প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ পৰিপ্ৰেক্ষিতত আইটি মন্ত্ৰালয়ে জুলাই মাহত মেটা কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰে। তৎকালীনভাৱে এনে বিজ্ঞাপন আঁতৰাবলৈও নিৰ্দেশ দিয়া হয়।
অৱশ্যে বিবিচিৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে আগষ্ট মাহত ২৫০ টাতকৈও অধিক এনে বিজ্ঞাপন ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছিল। এই বিতৰ্কৰ মাজতে মেটাই এইবাৰ শিশু যৌন নিৰ্যাতনৰ কনটেণ্টৰ বিষয়ে আৰক্ষীক খবৰ দিবলৈ সন্মত হৈছে। আইটি মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, শিশুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সক্ৰিয় পদক্ষেপ নোলোৱা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। অনলাইনত শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব বুলিও মন্ত্ৰালয়ৰ সূত্ৰটোৱে স্পষ্ট কৰি দিয়ে।

কেইমাহমানৰ আগতে বিবিচিৰ এক তদন্তমূলক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ইনষ্টাগ্ৰামত পেইড বিজ্ঞাপনত ‘ৰেপ ভিডিঅ’’ আৰু ‘চাইল্ড ভিডিঅ’’ৰ দৰে শব্দ ব্যৱহাৰ কৰা হৈছিল। সেই বিজ্ঞাপনবোৰত ক্লিক কৰিলে পোনপটীয়াকৈ কিছুমান টেলিগ্ৰাম চেনেল খোল খাইছিল। য’ত এনে অবৈধ সেৱা ৯৯ টকাত ক্ৰয় কৰিব পৰা গৈছিল। কিন্তু নিয়ম অনুসৰি বিজ্ঞাপনসমূহ সঠিক পৰীক্ষণ প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ পিছতহে প্ৰকাশ পাব লাগে।
সূত্ৰ অনুসৰি, বিবিচিৰ প্ৰতিবেদন ওলোৱাৰ পিছত কেন্দ্ৰই মেটাক প্ৰশ্ন যে কেনেকৈ এনে বিজ্ঞাপনৰ অনুমতি দিছে। অৱশেষত কেন্দ্ৰৰ হেঁচাত মেটাই ব্যৱস্থা গ্ৰহণ কৰে।
এই সন্দৰ্ভত মেটা কৰ্তৃপক্ষই কয় যে তেওঁলোকে এতিয়া ‘ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কো-অৰ্ডিনেচন চেণ্টাৰ’ (I4C)ৰ দ্বাৰা পৰিচালিত চাইবাৰ অপৰাধ পৰ্টেলত অভিযোগ দাখিল কৰিব। দৰাচলতে এই পৰ্টেলটো বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ লগতে ৰাজ্যিক আৰক্ষী আৰু তদন্তকাৰী সংস্থাসমূহেও ব্যৱহাৰ কৰে। মেটাৰ এগৰাকী মুখপাত্ৰই কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শিশুৰ সুৰক্ষা নিশ্চিত কৰাটো আমাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। এনে অপৰাধত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।












