ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BRICS Summit 2026 : ব্ৰিকছ সন্মিলনত মোদী-জিনপং-পুটিনৰ সৈতে ফটো উঠা কোন এইগৰাকী ৩৬ বছৰীয়া ভাৰতীয় কূটনীতিবিদ?

নিউজ ডেস্কঃ

News Desk by News Desk
September 15, 2026
Reading Time: 1 min read
A A
0
BRICS Summit 2026 : ব্ৰিকছ সন্মিলনত মোদী-জিনপং-পুটিনৰ সৈতে ফটো উঠা কোন এইগৰাকী ৩৬ বছৰীয়া ভাৰতীয় কূটনীতিবিদ?

RELATED POSTS

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

বিশ্বৰ তিনি শক্তিশালী নেতাৰ সৈতে কেমেৰাৰ একেটা ফ্ৰেমত বন্দী হৈছে তেৱোঁ। তেওঁ নৰেন্দ্ৰ মোদী, ভ্লাদিমিৰ পুটিন আৰু ছি জিনপিঙৰ ঠিক পিছফালে থিয় হৈ আছিল। শনিবাৰে প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত ছবিখন পোষ্ট কৰাৰ পিছতে এই চতুৰ্থজন ব্যক্তিক লৈ আলোচনা আৰম্ভ হয়। ৩৬ বছৰীয়া ভাৰতীয় কূটনীতিবিদ সিদ্ধাৰ্থ বাবু ২০১৭ বেটচৰ আই এফ এছ বিষয়া। মাত্ৰ ২৬ বছৰ বয়সতে ইউ পি এছ চি উত্তীৰ্ণ হৈছিল। মেধাৰ তালিকাত ১৫ নম্বৰ স্থান লাভ কৰিছিল।

সিদ্ধাৰ্থ ডাঙৰ-দীঘল হয় কেৰালাৰ কোচিত। স্কুলীয়া শিক্ষাও তাতেই গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ২০০৮ চনত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। কেৰালাৰ কোটামংগলামৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰে। ২০১২ চনত অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি কলেজীয়া শিক্ষা সমাপ্ত কৰি ই-কমাৰ্চ কোম্পানী এটাত কাম কৰিবলৈ আৰম্ভ কৰে। সেই কোম্পানীটোত দুবছৰতকৈ অধিক সময় কাম কৰাৰ পিছত তেওঁৰ মন সলনি হয়। তেওঁ ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। এই পৰীক্ষাৰ বাবে তেওঁ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানক বিষয় হিচাপে বাছি লৈছিল।

ব্ৰিকছ সন্মিলনত মোদী-জিনপং-পুটিন

অৱশ্যে প্ৰথম প্ৰয়াসত উত্তীৰ্ণ হ’ব নোৱাৰিলে। অৱশেষত ২০১৭ চনত ইউ পি এছ চিত উত্তীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত ১৫ নম্বৰ স্থান লাভ কৰি আই এফ এছৰ বিষয়া হয়। ভাৰতীয় কূটনীতিবিদসকলে অন্ততঃ এটা বিদেশী ভাষাত পাকৈত হ’ব লাগিব। আই এফ এছ বিষয়া হোৱাৰ পিছত সিদ্ধাৰ্থে দিল্লীৰ ফৰেইন ছাৰ্ভিচ ইনষ্টিটিউটত মেণ্ডেৰিন ভাষা শিকিছিল। তাত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, কূটনৈতিক আলোচনা, বৈদেশিক নীতি, প্ৰট’কল আৰু অন্যান্য প্ৰাসংগিক বিষয়ৰ প্ৰশিক্ষণো লাভ কৰে।

তেওঁ চীনতো আই এফ এছ বিষয়া হিচাপে কাম কৰি আহিছে। ২০১৮ চনৰ পৰা ২০২২ চনলৈ (এই সময়ছোৱাতে কৰোনা মহামাৰী সংঘটিত হয়। চীন, ভাৰতকে ধৰি বিভিন্ন দেশত লকডাউন আৰোপ কৰা হৈছিল) তেওঁক বেইজিংস্থিত ভাৰতীয় দূতাবাসত দায়িত্ব অৰ্পণ কৰা হৈছিল। পিছলৈ ২০২২ চনত আমেৰিকাৰ কেলিফোৰ্ণিয়াৰ মণ্টেৰীত অৱস্থিত মিডলবেৰী ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল ষ্টাডিজত ইংৰাজীৰ পৰা মেণ্ডেৰিনলৈ আৰু মেণ্ডেৰিনৰ পৰা ইংৰাজীলৈ অনুবাদৰ শিক্ষা গ্ৰহণ কৰে। ২০২৪ চনত তেওঁ তাৰ পৰাই দোভাষী সংক্ৰান্ত বিষয়তো ডিগ্ৰী লাভ কৰে।

২০২৪ চনত সিদ্ধাৰ্থ দিল্লীলৈ উভতি আহি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সচিব হিচাপে নিযুক্তি লাভ কৰে। বৰ্তমান তেওঁ মন্ত্ৰালয়ৰ পূব এছিয়া বিভাগত উপ-সচিব হিচাপে কৰ্মৰত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এই বিভাগে চীন, জাপান, দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক চোৱাচিতা কৰে। অৰ্থাৎ এই দেশসমূহৰ সৈতে দিল্লীৰ সম্পৰ্ক সঠিকভাৱে বজাই ৰখাটো তেওঁৰ দায়িত্ব। তেওঁ প্ৰধানমন্ত্ৰী আৰু অন্যান্য চৰকাৰী শীৰ্ষ বিষয়াসকলৰ বাবে দোভাষী হিচাপেও কাম কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BRICSSummit
Share4Tweet3Send

Related Posts

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

by News Desk
September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

by News Desk
September 15, 2026
51
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

by News Desk
September 15, 2026
51
PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি
National-International

PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি

by News Desk
September 15, 2026
51
UPI Payment : ২০০০ টকা পৰ্যন্ত ইউপিআইৰ লেনদেন বিনামূলীয়া, ঘোষণা কেন্দ্ৰৰ
National-International

UPI Payment : ২০০০ টকা পৰ্যন্ত ইউপিআইৰ লেনদেন বিনামূলীয়া, ঘোষণা কেন্দ্ৰৰ

by News Desk
September 15, 2026
51
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

by News Desk
September 14, 2026
52
ADVERTISEMENT
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

September 16, 2026
50
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
51
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

September 16, 2026
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d