
মেঘালয়ৰ ডাউকী ৰোড হৈ গুৱাহাটীলৈ অহা এটা বাংলাদেশীৰ দলক বঙাইগাঁৱত আটক। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বাংলাদেশীকেইটাই। এই দলটোক বঙাইগাঁও ৰে’লৱে ষ্টেচনত আটক কৰা হয়।

আনহাতে, দলটোৰ লগত অহা আন এটা দলে জম্মু-টাৱে এক্সপ্রেছেৰে যাত্ৰা কৰিছিল। ২৭ জনীয়া বাংলাদেশী দলটো বাগেৰঘাট, সোনাৰঘাট, ঢাকাৰ পৰা আহিছিল। বাংলাদেশৰ মৈমনসিং জিলাৰ পৰা মেঘালয়-বাংলাদেশৰ জিৰ’ পইণ্টেৰে দলটো বাছেৰে আহিছিল।
ডাউকী হৈ মেঘালয়ত খোজকাঢ়ি প্ৰৱেশ কৰা দলটোৱে তাৰ পৰা খানাপাৰালৈ চাৰিচকীয়া বাহনেৰে আহিছিল। আনহাতে, খানাপাৰাৰ পৰা পল্টনবজাৰলৈ অটোৰে আহিছিল। জানিব পৰা মতে, দলটোৱে দালালচক্ৰৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল।
গ্ৰেপ্তাৰ হোৱা বাংলাদেশী দলটোৰ ভিতৰত ১১ গৰাকী মহিলা-শিশুৰ লগতে ১৬ জন পুৰুষ আছিল। বাংলাদেশীকেইটাক কোন দালালে কিমান টকাৰ বিনিময়ত ভাৰতত প্ৰৱেশৰ সুবিধা কৰি দিছিল সেই সন্দৰ্ভত আৰক্ষীৰ সীমান্ত শাখাই তদন্ত অব্যাহত ৰাখিছে।












