
জুবিন গাৰ্গৰ মানৱীয় আদৰ্শৰ প্ৰতি সন্মান জনাই অসম জাতীয় পৰিষদে আজি ‘জুবিন গাৰ্গ স্মৃতি সপ্তাহ’ৰ দ্বিতীয়টো কাৰ্যসূচী ‘মানৱতাৰ দিন’ হিচাপে ৰাজ্যজুৰি পালন কৰে। এই উপলক্ষে অজাপৰ সকলো জিলা সমিতিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিখন জিলা সমিতিৰ ১০১গৰাকীকৈ নেতা-কৰ্মী, শুভাকাংক্ষীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
গুৱাহাটীত ‘মানৱতাৰ দিন’ৰ কেন্দ্ৰীয় কাৰ্যসূচী নাৰেংগী খেলপথাৰত অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ জৰিয়তে জৰুৰী সময়ত ৰক্তৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ বাৰ্তা আগবঢ়োৱা হয়। নাৰেংগীত সভাপতি লুৰীণজ্যোতি গগৈকে প্ৰমুখ্য কৰি দলটোৰ অন্যান্য নেতা-কৰ্মীয়ে আৰ্তজনৰ বাবে ৰক্তদান কৰে৷

এই উপলক্ষে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, “জুবিন গাৰ্গৰ আদৰ্শ, জীৱনদৰ্শন, মানৱতাৰ নৈতিক মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাক আগুৱাই নিয়াৰ প্ৰয়াস হিচাপেই ‘মানৱতাৰ দিন’ পালন কৰা হৈছে। তেওঁৰ আদৰ্শ স্মৰণতে সীমাবদ্ধ নাথাকি সামাজিক জীৱনত প্ৰতিফলিত হওক—আমি সেয়াই বিচাৰোঁ।”
অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “অসমৰ মানুহে যদি জুবিন গাৰ্গৰ আদৰ্শ নিজৰ জীৱনত ধাৰণ কৰে, তেন্তে জুবিন সদায় জীয়াই থাকিব। মানুহৰ প্ৰতি ভালপোৱা, মানৱতা আৰু সামাজিক দায়বদ্ধতাৰ মূল্যবোধক জীৱনত ৰূপায়ণ কৰাটোৱেই তেওঁৰ প্ৰতি সঁচা শ্ৰদ্ধাঞ্জলি।”
উল্লেখ্য যে, জুবিন গাৰ্গৰ স্মৃতিত অসম জাতীয় পৰিষদে আয়োজন কৰা ‘জুবিন সপ্তাহ’ৰ অধীনত বিভিন্ন সামাজিক আৰু জনকল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মঙলবাৰে দলটোৱে ৰাজ্যজুৰি পালন কৰিব ‘কিতাপৰ দিন’ শীৰ্ষক বিশেষ কাৰ্যসূচী৷













