
ৰঙিয়াত সন্ধান লাভ কৰা হৈছে এক মানৱ সৰবৰাহকাৰী চক্ৰ। ৰঙিয়া সমজিলাৰ আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত ৰঙিয়া ষ্টেচনত চলোৱা অভিযানত এই চক্ৰটো উৎখাত কৰা হয়। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত মুকুট আলী নামৰ লোকজনৰ ঘৰৰ পৰা তিনিজন যুৱকক উদ্ধাৰ কৰা হয়। এক অসাধু চক্ৰই বহিঃৰাজ্যত কৰ্মসংস্থাপন প্ৰদানৰ প্ৰলোভন দি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা যুৱকসকলক ৰঙিয়ালৈ অনা হৈছিল।

জানিব পৰা মতে, উদ্ধাৰ হোৱা যুৱক তিনিজনৰ ভিতৰত দুজনৰ ঘৰ ত্ৰিপুৰাত আৰু আনজনৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত। তিনিওজন যুৱককে বহিঃৰাজ্যলৈ সৰবৰাহৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখা হৈছিল বুলি অভিযোগ। ইফালে আৰক্ষীৰ অভিযানৰ কথা জানিব পাৰি অভিযুক্ত মুকুট আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইয়াৰ পিছত যুৱক তিনিজনক আৰক্ষীয়ে ৰঙিয়া থানালৈ লৈ যায়। আনহাতে, পলাতক মুকুট আলীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।













