
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ শৰ্মাৰ প্ৰতিদ্বন্দ্বী হ’ব কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰা। সোমবাৰে কংগ্ৰেছে এই কথা ঘোষণা কৰে।

নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰি সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত পত্ৰত কোৱা হৈছে যে এ আই চি চিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মৰিগাঁৱৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰাৰ প্ৰাৰ্থীত্ব চূড়ান্ত কৰিছে।
উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে, ৯ অক্টোবৰত হ’ব ভোট গণনা।













