নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকা অৱস্থাতে হঠাৎ অসুস্থ (Suddenly ill) হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী (Union Minister Nitin Gadkari)। তেওঁ হঠাৎ চেতনা হেৰুৱাই মঞ্চত বাগৰি পৰে। লগে লগে মঞ্চত উপস্থিত থকা নেতা-কৰ্মীসকলে তেওঁক ধৰি মঞ্চৰ তললৈ লৈ যায়। অৱশ্যে তাত প্রাথমিক চিকিৎসাৰ অন্তত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে চেতনা লাভ কৰে৷ ইয়াৰ পিছত পুনৰ মঞ্চত উঠি ভাষণ শেষ কৰে।
উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ য়াৱতমালত এক ৰেলী (rally in Yavatmal, Maharashtra)লৈ গৈছিল নীতিন গাডকাৰী। লোকসভা সমষ্টিটোৰ প্ৰাৰ্থী ৰাজশ্ৰী পাটিলৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ তেওঁ তালৈ গৈছিল। একনাথ শিণ্ডেৰ শিৱসেনা ফৈদৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাজশ্ৰীয়ে। উক্ত জনসভাত ভাষণ দি থকা সময়তে সংঘটিত হয় এই ঘটনা।
এই ঘটনাৰ কিছু ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল। তেতিয়াই এই ঘটনা সংঘটিত হয়।
আনহাতে, চিকিৎসকৰ মতে, অত্যন্ত গৰমৰ বাবে তেওঁ সাময়িকভাৱে চেতনা হেৰুৱাই পেলায়। অৱশ্যে কিছু মুহূৰ্তৰ ভিতৰতে তেওঁৰ চেতনা ঘূৰি আহে। বৰ্তমান তেওঁ সুস্থ। চিকিৎসকে জনোৱা মতে, তেওঁৰ শৰীৰত আন কিবা জটিলতা আছে নেকি সেয়া পৰীক্ষা কৰিহে কোৱা সম্ভৱ হ’ব। উল্লেখযোগ্য যে এইবাৰ বিজেপিৰ টিকটত নিতিনে নাগপুৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। উক্ত সমষ্টিত প্ৰথম পৰ্যায়তে ভোটদান হৈছে। তেওঁ তাৰ পৰাই জয়লাভ কৰি ২০১৪ চনৰ পৰা সাংসদ হৈ আছে।