যোগগুৰু ৰামদেৱ (Ramdev) আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণই (Acharya Balakrishna) এইবাৰ দ্বিতীয়বাৰৰ বাবে সংবাদপত্ৰত এখন ক্ষমা প্ৰাৰ্থনা (An apology in the newspaper) পত্ৰ ছপা কৰে। মঙলবাৰেও তেওঁলোকে একেখন ক্ষমা প্ৰাৰ্থনা পত্ৰ ছপা কৰিছিল। কিন্তু ক্ষমা প্ৰাৰ্থনা পত্ৰৰ ৰূপ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ (Supreme Court) প্ৰশ্নৰ সন্মুখীন হয় যোগগুৰুকেইজনে। ইয়াৰ পিছত তেওঁলোকে খৰধৰকৈ দ্বিতীয়খন ক্ষমা প্ৰাৰ্থনা পত্ৰ ছপা কৰে। প্ৰথম ক্ষমাপত্ৰৰ তুলনাত বুধবাৰৰ ক্ষমা প্ৰাৰ্থনা পত্ৰৰ আকাৰত বহু ডাঙৰ!
বুধবাৰে পতঞ্জলিৰ হৈ ৰামদেৱ আৰু বালকৃষ্ণই ছপা কৰা ক্ষমা প্ৰাৰ্থনা পত্ৰখন কাকতৰ পৃষ্ঠাৰ এক চতুৰ্থাংশ। শিৰোনাম, ‘জনসাধাৰণৰ ওচৰত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা’। তাৰ পিছত ক্ষমা প্ৰাৰ্থনা পত্ৰখনত লিখিছে, “উচ্চতম ন্যায়ালয়ত চলি থকা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আমি ব্যক্তিগতভাৱে আৰু নিঃচৰ্তভাৱে আমাৰ কোম্পানীটোৰ অবাধ্যতাৰ বাবে ক্ষমা বিচাৰিছো। আমি দ্বিতীয়বাৰৰ বাবে একে ভুল নকৰো। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি চলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”
মঙলবাৰেও পতঞ্জলিয়ে এক ক্ষমা প্ৰাৰ্থনা প্ৰকাশ কৰে। কিন্তু ইয়াৰ আকাৰ ইমানেই সৰু আছিল যে ৰামদেৱে উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। ন্যায়াধীশ হিমা কোহলীয়ে মঙলবাৰে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপনৰ গোচৰৰ শুনানি গ্ৰহণ কৰি পৰ্যবেক্ষণ কৰি কয়, “ক্ষমা প্ৰাৰ্থনাৰ বিজ্ঞাপনটো সঠিকভাৱে ছপা হৈছেনে? আগতে নিজৰ বিজ্ঞাপন যিমান ডাঙৰকৈ ছপা কৰিছিল, ক্ষমা প্ৰাৰ্থনা পত্ৰও সিমান ডাঙৰকৈ ছপা কৰিছেনে,?” ৰামদেৱৰ হৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত মকুল ৰোহাটগীয়ে কয় যে দেশৰ ৬৭খন বাতৰি কাকতত ১০ লাখ বিজ্ঞাপনৰ নামত ব্যয় কৰা হৈছে। সেইটোকো তিৰস্কাৰ কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ হিমা কোহলীয়ে স্পষ্টভাৱে কয় যে ৰামদেৱৰ সংস্থাটোৱে বিজ্ঞাপনৰ বাবে কিমান লাখ টকা খৰচ কৰিছে সেই লৈ আদালত চিন্তিত নহয়।
উচ্চতম ন্যায়ালয়ত শুনানিৰ কেইঘণ্টামান পূৰ্বে মঙলবাৰে পুৱা পতঞ্জলিৰ বিজ্ঞাপন দেশৰ বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছিল। তাত কোম্পানীটোৱে ক্ষমা বিচাৰে। তেওঁ লিখিছে, “অধিবক্তাৰ পৰামৰ্শৰ পিছতো বিজ্ঞাপন প্ৰকাশ কৰি সংবাদমেল অনুষ্ঠিত কৰি আমি কৰা ভুলৰ বাবে আমি ক্ষমা বিচাৰিছো। এই ভুলটো আৰু নহ’ব। আমি প্ৰতিশ্ৰুতিবদ্ধ।” মঙলবাৰে পুৱা এই ক্ষমা প্ৰাৰ্থনা পত্ৰ কিয় ছপা হ’ল সেয়াও প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে।
উল্লেখযোগ্য যে ২০২০ চনৰ ২৩ জুনত পতঞ্জলিয়ে প্ৰথমবাৰৰ বাবে মুকলি কৰে ক’ৰ’নিল কিট। ‘ক’ৰ’নিল’ আৰু ‘শ্বাহৰী বট্টি’ নামৰ দুবিধ টেবলেট আৰু ‘অনু অইল’ নামৰ ২০ মিলিলিটাৰৰ এটা তেলৰ বটলৰে গঠিত এই কিটটোৰ মূল্য আছিল ৫৪৫ টকা। ইচ্ছা কৰিলে টেবলেট আৰু তেল পৃথকে পৃথকে ক্ৰয় কৰিব পাৰিব বুলিও জনোৱা হয়। ইয়াৰ পিছত ১৮ অক্টোবৰ পৰ্যন্ত মুঠ ২৩ লাখ ৫৪ হাজাৰ ক’ৰ’নিল কিট বিক্ৰী কৰা হৈছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে।
এই বিজ্ঞাপনত আপত্তি কৰি আই এম এয়ে ৰামদেৱৰ সংগঠনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আই এম এয়ে। ইয়াৰ উপৰি বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড বিৰোধী নহ’লেও কেৱল ক’ৰ’নিল কিট বিক্ৰী কৰিয়েই ২৫০ কোটিৰো অধিক লাভ কৰিছিল। আৰু আই এম এয়ে অভিযোগ কৰিছিল যে ইয়াৰ বাবে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন অভিযান চলোৱা হৈছিল।