বিৰোধীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুসকলক কৌশলগতভাৱে লক্ষ্য কৰি ‘ঘৃণামূলক ভাষণ’ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে মোডীৰ (Modi slams congress) বিৰুদ্ধে। এই প্ৰেক্ষাপটতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজস্থানৰ এটা লোকসভা সমষ্টি টংক-ছাৱাই মাধোপুৰলৈ গৈ মেৰুকৰণৰ ‘কাৰ্ড’ খেলাৰ অভিযোগ উত্থাপন হয়।
মঙলবাৰে বিজেপিৰ এখন সভাত ভাষণ দি মোডীয়ে কয়, “কংগ্ৰেছৰ শাসনত হনুমান চালিছা পাঠ কৰাটোও অপৰাধ। কংগ্ৰেছ শাসিত কৰ্ণাটকত এজন ব্যৱসায়ীয়ে নিজৰ দোকানত বহি হনুমান চলিছা শুনি আছিল। আৰু সেই অপৰাধৰ বাবে তেওঁক মাৰপিট কৰি ৰক্তাক্ত কৰি দিয়া হয়।” মোডীয়ে লগতে অভিযোগ কৰে যে ৰাজস্থানৰ পূৰ্বৰ কংগ্ৰেছ শাসিত চৰকাৰে ৰাম নৱমীৰ দিনা শোভাযাত্ৰা নিষিদ্ধ কৰিছিল।
উল্লেখযোগ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ হায়দৰাবাদত কৈছিল যে কংগ্ৰেছ ক্ষমতালৈ আহিলে আৰ্থ-সামাজিক সমীক্ষা কৰি চাব যে কোন শ্ৰেণীৰ হাতত কিমান ধন-সম্পত্তি আছে।
সেই বক্তব্য টানি লৈ মোডীয়ে বাস্বোৱাৰাত কয়, “প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে পূৰ্বতে কৈছিল যে দেশৰ ধন-সম্পত্তিৰ ওপৰত মুছলমানসকলৰ সৰ্বোচ্চ অধিকাৰ আছে। সেইবাবেই কংগ্ৰেছে এক সমীক্ষা চলোৱাৰ পৰিকল্পনা কৰিছে। যাতে দেশবাসীৰ কষ্টোপাৰ্জিত ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীৰ মাজত বিতৰণ কৰিব পৰা যায়।” পিছলৈ সোমবাৰে উত্তৰ প্ৰদেশৰ আলগড়ত তেওঁ কয়, “কংগ্ৰেছৰ চকু আপোনাৰ সম্পত্তিৰ ওপৰত। ক্ষমতালৈ আহিলে মাতৃ-ভগ্নীৰ মংগলসূত্ৰও কাঢ়ি নিব।”
আনহাতে, বিৰোধী নেতাসকলৰ মতে, প্রধানমন্ত্রীয়ে দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ পূর্বেও প্রত্যক্ষভাৱে সাম্প্রদায়িকতাক প্রচাৰ কৰিছে। প্রথম পর্যায়ত যে প্রত্যাশিত ফলাফল পোৱা নগ’ল সেই কথা উপলব্ধি কৰি মুছলমান আৰু কংগ্ৰেছক লৈ হিন্দু মহিলাৰ মাজত ভয়ৰ সৃষ্টি কৰিবলৈ এক কৌশল গ্ৰহণ কৰা হৈছে। দেওবাৰে তেওঁ পোনপটীয়াকৈ বাশ্বোৱাৰাত ‘মুছলিম’ শব্দটো উচ্চাৰণ কৰে। সোমবাৰে আলিগড় আৰু মঙলবাৰে টংক-ছাৱাই মাধোপুৰৰ দৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত ‘মুছলিম’ শব্দটো উহ্য ৰাখিলে।
কিন্তু আকৌ তেওঁ ক’লে, “আমাৰ মা আৰু ভগ্নীৰ হাতত সোণ আছে। যি তেওঁলোকৰ স্ত্ৰী-ধন আৰু পবিত্ৰ। এতিয়া তেওঁলোকৰ চকু মংগলসূত্ৰৰ ওপৰত।” তাৎপৰ্যপূৰ্ণভাৱে মঙলবাৰৰ সভাত মোডীৰ হাতত দেখা গ’ল বজৰংগবলীৰ শক্তিৰ প্ৰতীক গদা।
ইফালে মোডীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিঙে কয়, “কংগ্ৰেছে কেতিয়াও মাতৃ-ভগ্নীৰ মংগলসূত্ৰৰ প্ৰতি গুৰুত্ব দিয়া নাই। বৰং মোডীৰ যুগত মাতৃ-ভগ্নীয়ে নিজৰ মংগলসূত্ৰ বিক্ৰী কৰি ক’লা বজাৰত অক্সিজেন চিলিণ্ডাৰ কিনি পৰিয়ালৰ সদস্যক বচাবলৈ বাধ্য হৈছে।”