সোমবাৰে পুৱা ১০ মান বজাত ডিফুত জিলা প্ৰশাসনৰ উদ্যোগত (Initiative of the District Administration in Diphu) আৰু ASRLM, ASNULM, কাৰবি আংলং উইমেন জাষ্টিছ ফ’ৰাম, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ এনচিচি গোট আৰু ডিফু এথলেটিকচ একাডেমীৰ সহযোগত ভোটাৰ সজাগতা (Voter Awareness)ৰ বাবে বাই চাইকেল ৰেলী আৰু ৱাকাথন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷
ভাৰতীয় নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকণ বিশেষভাবে সক্ষম ৰাকেশ বণিক আৰু কাৰবি আংলং জিলা নিৰ্বাচনী আইকণ এভাৰেষ্ট বিজয়ী খৰছিং টেৰাঙৰ (Everest winner Kharshiing Terang) লগতে সহকাৰি আয়ুক্ত আৰাধনা দাস, জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাঙৰ উপস্থিতিত ডিফু আয়ুক্ত কাৰ্যালয়ৰ পৰা আয়ুক্ত মধুমিতা ভাগৱতীয়ে বাই চাইকিল ৰেলীৰ ফ্লেগ অফ কৰে৷ বাইচাকেল আৰু ৱাকাথন ৰেলী ডিফু চহৰৰ মাজেৰে পুণৰ ডিফু গান্ধী পাৰ্কত সমবেত হয় ৷
ৰাজ্যিক নিৰ্বাচনী আইকণ বিশেষ ভাবে সক্ষম ৰাকেশ বণিকে সাংবাদিকৰ আগত কয়যে সুস্থ আৰু সবল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ অহা ২৬ এপ্ৰিল ভোটাৰসকলে এশ শতাংশ ভোটদান কৰি ভাৰতৰ ভিতৰতে অসমক প্ৰথম স্থানত স্থাপন কৰিব লাগে৷ ৰেলীত অংশগ্ৰহণকাৰী সকলে হাতে হাতে বিভিন্ন প্লে’কাৰ্ড আৰু বেনাৰ প্ৰদৰ্শন কৰি ভোটাৰৰ মাজত এশ শতাংশ ভোটদান নিশ্ছিত কৰিবলৈ সজাগতা সৃষ্টি কৰে৷