লোকসভা নির্বাচন (Lok Sabha Election)ৰ ভোট গ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে শাসকীয় বিজেপি দলে। পৰিষদৰ ২৬টা সমষ্টিত প্ৰচাৰ চলাই থকা কার্বি আংলং (Karbi Anglong) স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে (Dr. Tuliram Ronghang) আজি পৰিষদীয় দেওপানী, নিলিপ আৰু দুৱাৰ বাগৰি সমষ্টিত (Deopani, Nilip and Door Bagri constituency) একোখনকৈ নির্বাচনী সভাত অংশগ্রহণ (Participation in election meetings) কৰে।
ৰংহাঙক সংগ দিয়ে সাংসদ হৰেণছিং বে’, বিজেপি দলৰ প্রার্থী অমৰছিং তিছ’ (BJP candidate Amarsing Tisso), বহু কেইগৰাকী কার্যবাহী সদস্য আৰু পূব কার্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙে। দেওপানী পৰিষদীয় সমষ্টিৰ শান্তিপুৰ বৰপথাৰত প্ৰথমখন নির্বাচনী সভাত অংশগ্রহণ কৰি ভাষণ প্রদান কৰি ৰংহাঙে দাবী কৰে যে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিভিন্ন সমষ্টিত এতিয়া আন ৰাজনৈতিক দল ত্যাগ কৰি ভাৰতীয় জনতা পার্টিত যোগদান কৰিছে দলে দলে লোকে। এটা সমষ্টিত এহেজাৰ এটাত ১৬শ, এটা দুহেজাৰ এনেদবে বিভিন্ন ৰাজনৈতিক দলৰ কর্মীয়ে দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে।
গতিকে অহা ২৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া ভোট গ্রহণত কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ ৰাইজে সিদ্ধান্ত লৈছে যে ৩ লাখৰ পৰা ৪ লাখ ভোটৰ ব্যবধানত বিজেপি প্রার্থীক বিজয়ী কৰাব বুলি ৰংহাঙে দাবী কৰে। আন দুখন নির্বাচনী সভাতো ৰংহাঙে বিজেপি দলে বিগত ১০টা বছৰত তিনিখন পার্বত্য জিলাৰ বাবে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ ভিত্তিত এইবাৰ জনসাধাৰণে বিজেপি দলক ভোটদান কৰিব বুলি দাবী কৰে।