বাউলি ফাগুনৰ বোকোচাত উঠি অহা পছোৱাই আঁজুৰি নাঙঠ কৰে চ’তৰ শৰীৰ । চ’তৰ শেষত নঙঠা গছ-বিৰিখত কুঁহিপাত মেলে । যেন যৌৱনৰ মৌবনত তেজী ঘোঁৰা চেঁকুৰোৱাৰ সময় সমাগত । নৱযৌৱনা, সদ্য পুষ্পিতা কিশোৰীৰ দৰে সেউজ সপোনৰ উন্মেষ ঘটে প্ৰকৃতিৰ লাৱণী শৰীৰত । তাৰেই আলিংগনত হৃদয়ৰ গীত জোৰে কুলী-কেতেকীয়ে । কপৌ-তগৰ-যূতিমালিকাই সুবাসিত কৰে ধৰা । এক নতুন আশা, নতুনৰ প্ৰত্যাশা । যৌৱনৰ উতলা বা জীৱনৰ অৰ্থলৈ পৰিৱৰ্তন কৰাৰ এয়াই যে সময় । হয় এয়াই ব’হাগ । এনেদৰেই ইহাত সিহাত ধৰি জীৱনৰ হাত ধৰেহি ব’হাগে ।
ব’হাগ আহিছে, আহিবই ব’হাগ । কাৰণ ৰঙালী ব’হাগতেই যে আছে চহা জীৱনৰ প্ৰাণ । বৰ্তমান আৰু ভৱিষ্যতৰ গান । ব’হাগক যিমান উপমাৰেই বিশ্লেষণ কৰিব নোখোজক কিয়, সদায়ে শব্দৰ অনাটনে হয় । কাৰণ ব’হাগ কোনো এটা নিৰ্দিষ্ট শব্দ নহয়, ব’হাগ নিজেই এক শব্দ গুচ্ছ । সেয়েহে ব’হাগৰ তুলনা কৰিবলৈ গৈ কবি-সাহিত্যিকেও থমকি ৰ’বলগা হয় । গীতিকাৰ-সুৰকাৰ উটি-ভাহি যায় । এটা ঋতুৰ দৃষ্টিৰে ব’হাগ এক গুৰুত্বপূৰ্ণ, বৈশিষ্ট্যপূৰ্ণ আৰু সবাতোকৈ সতেজ ঋতু ।
কিন্তু অসম তথা অসমীয়াৰ বাবে কেৱল এটা ঋতুতে সীমাবদ্ধ হৈ থকা নাই ব’হাগ । অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি, অৰ্থনীতি- সকলো দিশতে অনবদ্য অৱদান ব’হাগৰ । কেৱল সিমানেই নে ব’হাগৰ মাদকতা ? জাতি-জনজাতি, ভাষা-সম্প্ৰদায়, ধৰ্ম-বৰ্ণ এই সকলোতে আছে ব’হাগৰ সাঁচ । সেয়া ভিন্ন ৰঙৰ হ’লেও যেন একেখন চাদৰতে বুটাবচা ৰঙৰ সমাহাৰ । সেয়ে হয়তো ভূপেনদাই ঠিকেই কৈ গৈছে, “ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় এটি মাহ; অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণজীৱনৰ সাহ ।”
আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ আয়ুসৰেখা ৰঙালী বিহু । অসমৰ বাপতি সাহোন এই ৰঙালী বা ব’হাগ বিহুৰ বাবে এতিয়া ৰাজ্যবাসীৰ গা থৌকি-বাথৌ । স্মৰণাতীত কালৰে পৰা অসমবাসী তথা অসমীয়াই পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰি আহিছে এই ৰঙালী বিহু । বিশেষকৈ কৃষিপ্ৰধান অসমৰ চহা প্ৰাণৰ হেঁপাহৰ উৎসৱ হৈছে এই ৰঙালী বিহু । চহা কৃষকে কৃষিকাৰ্যলৈ আগবঢ়াৰ পূৰ্বে এই উৎসৱ আয়োজন কৰি নিজৰ তন-মন সতেজ কৰি ল’ব বিচাৰে ।
আনহাতে, ব’হাগ হৈছে অসমীয়া কেলেণ্ডাৰ বৰ্ষৰ প্ৰথমটো মাহ । অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি মাহ হৈছে এই ব’হাগ মাহ । সেয়ে নতুন বছৰৰ আদৰণি উৎসৱো ইয়াৰ এক বিশেষত্ব । এই ব’হাগ মাহৰ আছে বহু বিশেষত্ব । ব’হাগৰ হাত ধৰিয়েই গছ-বন-লতিকাত কুঁহিপাতৰ আৱৰণে সেউজ ৰং ধাৰণ কৰে । বৰ্ষা ঋতুৰ আগমনৰ বতৰা দিয়ে । সৃষ্টি আৰু কৃষ্টিৰ সুবাসত মতলীয়া এই ব’হাগ । প্ৰেমৰ বতৰ ব’হাগ আৰু অংকুৰিত বীজৰ সপোনৰ বতৰা এই ব’হাগ ।
হয় অসমীয়া জাতীয় জীৱনৰ এক অন্যতম লোককৃষ্টি ব’হাগ বিহু বা ৰঙালী বিহু । চ’তৰ শেষৰ দিনাৰ পৰা আৰম্ভ হোৱা ব’হাগৰ সাত বিহুৰ আছে প্ৰতিটো দিনৰে বিশেষ বিশেষ তাৎপৰ্য তথা পৰম্পৰা । লগতে আছে প্ৰতিটো দিনৰে গুৰুত্ব । পৰম্পৰাগতভাৱে পালন কৰা এই সাতবিহুৰ কিন্তু বিশেষ কিছু বৈজ্ঞানিক ভিত্তিও নথকা নহয় । কিন্তু সময়ৰ সোঁতত ৰঙালী বিহুৰো পৰম্পৰা বহুখিনি সলনি হৈ আহিছে ।
ৰঙালী বিহুৰ আন এক মুখ্য বৈশিষ্ট্য হৈছে হুঁচৰি আৰু বিহুনাচ । অৱশ্যে আৰম্ভণিৰ পথাৰৰ আঁহতৰ তলৰ বিহু আহি বৰ্তমান মঞ্চত উঠিছে । সময়ৰ লগে লগে বিৱৰ্তন অৱধাৰিত যদিও সোময়ৰ সোঁতত যাতে আমাৰ স্বকীয় পৰম্পৰা একেবাৰে বিলুপ্ত হৈ নাযায় তাৰবাবেও আমি সচেতন হ’ব লাগিব । আন এক কথা হৈছে, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এই ৰঙালী বিহু পালনৰ পৰম্পৰা ভিন্ন । ব’হাগ মাহতে পালন হ’লেও প্ৰতিটো জাতি-জনগোষ্ঠীৰে ইয়াৰ পালনৰ পৰম্পৰা সুকীয়া ।
কিন্তু ভিন্নতাৰ মাজতো একতাৰ এক সুন্দৰ নিদৰ্শন ফুটি ওলায় এই ৰঙৰ উৎসৱ ৰঙালী বিহুত । সেয়ে আজিও আমাৰ একেটাই আহ্বান- ব’হাগৰ প্ৰেম আৰু ভাতৃত্ববোধেৰে ৰঙীয়াল হৈ ৰঙালী বিহুৰ মাদকতা চৌদিশে ছটিয়াই দিওঁ আহক । যাৰ পৰশ পাই ফুলি উঠক আমাৰ মনৰ ভিন্নৰঙী ফুলনিডৰা, য’ত সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্ম-বৰ্ণৰ লোকে একেলগে একেখন সমাজৰ সুবাসেৰে সুবাসিত হৈ থাকিব ।