ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু: আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৪৩ সংখ্যক ধৰমনালা ব’হাগী বিদায় উৎসৱ ৷ ডিফুৰ ধৰমনালা স্থিত চন্দ্ৰছিং টেৰণ হাইস্কুল খেল পথাৰ প্ৰাঙ্গনত আৰম্ভ হৈছে এই উৎসৱ ৷ এই উপলক্ষে আজি পুৱাৰ ভাগতে ধৰমনালা ব’হাগী বিদায় উৎসৱ উদযাপন সমিতিৰ বিষয়া-কৰ্মীয়ে সমিতিৰ সভাপতি নিপু চৰণ দত্তক ঢোলে-ডগৰে আথে বেথে ধৰমনালা বিহুৰ বাকৰিলৈ আদৰি আনে ৷
সভাপতি নিপু চৰণ দত্তই সম্পাদক ভাৰ্গৱ বৰৱৱাৰ সহযোগত ৪৩ সংখ্যক ধৰমনালা ব’হাগী বিদায় উৎসৱৰ পতাকা উত্তোলনৰ পিছতে উদযাপন সমিতি আৰু সমবেতে ৰাইজে কালি সকলোৰে মাজৰ পৰা মহাপ্ৰয়াণ ঘটা সকলোৰে শ্ৰদ্ধাৰ আৰু সন্মানীয় কাৰবি ৰজা ৰামছিং ৰংহাঙৰ আত্মাৰ সদগতিৰ বাবে ১ মিনিট সময় অদৃশ্যজনৰ ওচৰত মৌন প্ৰাৰ্থনা জনায় ৷
ইয়াপ পিছত বন্তি প্ৰজলন আৰু শ্বহীদ সকলক সোঁৱৰি স্মৃতি তৰ্পন কৰে ক্ৰমে, ধৰমনালা নামঘৰৰ নামাচাৰ্য সত্য ডেকা ধৰমনালা শংকৰী কলা -কৃষ্টি সংঘৰ প্ৰ্ক্তন সভাপতি বসন্ত কুমাৰ খনিকৰে ৷ তাৰ পিছিত প্ৰকৃতি তৰ্পন কৰে সমাজকৰ্মী তথা শিক্ষক নিত্যা বৰাই ৷
ইয়াৰ পিছত কাৰ্য ক্ৰমণিকা অনুসৰি ক্ৰমে প্ৰয়াত ঘনশ্যাম ডেকা আৰু মাণিক চাংমাইৰ পৰিয়াল বৰ্গৰ উপস্থিত ঘণশ্যাম ডেকা আৰু মাণিক চাংমাই সোঁৱৰণি মঞ্চৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি তথা পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’ই ৷
ইয়াৰ পিছত বিভিন্ন প্ৰতিযোগিতা সমূহ উদ্ধোধন কৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে ৷ তাৰ লগে লগেই আৰম্ভ প্ৰথম দিনাৰ কাৰ্যসূচীৰ পিৰতিযোগিতা সমূহ ৷ প্ৰথমেই আৰম্ভ হয় ধনেশ্বৰ গগৈ আৰু মংগল ছিং হাঞ্চে সোঁৱৰণী কণী যুঁজ প্ৰতিযোগিতা ৷ তাৰ পিছত একাধিক্ৰমে, ভৱকান্ত গগৈ সোঁৱৰণী মহিলাৰ মিউজিক চেয়াৰ প্ৰতিযোগিতা (ক শাখা), মিঠুৰাণী পাল সোঁৱৰণী চিত্ৰাঙ্কণ প্ৰতিযোগিতা (খ শাখা) , ভদ্ৰেশ্বৰ বৰা আৰৱ লক্ষেশ্বৰ বৰা সোঁৱৰণী ভেশচন প্ৰতিযোগিতা, লীনৈমণি বৰা সোঁৱৰণী মইনাৰ বিহুনাচ প্ৰতিযোগিতা , বিহুপৰী প্ৰতিযোগিতা, মহিলাৰ পৰাম্পৰাগত সাজপাৰ প্ৰতিযোগিতা আৰু নিশাৰ ভাগত অনুষ্ঠিত হব কুণ্ডিলা সন্দিকৈ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া ৷
উদ্ধোধন কৰিব কাৰবি লাম্মেট আমেইৰ সাধাৰণ সম্পাদক জয়ছিং টকবীয়ে ৷ দ্বিতীয় দিনা অৰ্থাত ১২ মে’ৰ অন্তিম দিনত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ থাকিব প্ৰমোদ দাস সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ কণ্ঠশিল্পী ৰূপালী কাশ্যপ, গুৱাহাটীৰ ৰিব্ ৰিব্ বিহুৰ হুঁচৰি দল, খাপলাং কাইৰ কৌতুক গোষ্ঠী৷ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷