জাৰ্ণেলিষ্ট এছ’চিয়েছন ফৰ আছাম (Journalist Association for Assam) (জাফাৰ) উদ্যোগত আৰু জিলা স্বাস্থ্য সন্থাৰ সহযোগত (In collaboration with the District Health Association) আজি হাওৰাঘাট (Howrahghat) ব্লকৰ অন্তৰ্গত ক্লুৰডুঙত এটা স্বাস্থ্য শিৱিৰ (Health Camp) অনুষ্ঠিত হৈ যায়। ক্লুৰৰডুং প্রাথমিক বিদ্যালয় প্রাংগণত অনুষ্ঠিত এই স্বাস্থ্য শিৱিৰত মুঠ ২৫৩গৰাকী ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষা (Health check-up of 253 persons) কৰোৱায়। স্বাস্থ্য পৰীক্ষাকালত কিছু ৰোগীৰ মাজত জটিল ৰোগৰ লক্ষণো প্রত্যক্ষ কৰা হয় আৰু চিকিৎসকে ঔষধ-পাতি প্ৰদান কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়ায়।
আনহাতে, অঞ্চলটোত ৰেচন কার্ড থকা আৰু আয়ুস্মান ভাৰত কাৰ্ড লাভ নকৰা পৰিয়ালৰ মাজত আজি আয়ুস্মান কাৰ্ডৰ ব্যৱস্থা কৰি দিয়া বুলিও জাফাৰ সূত্রে জানিব পৰা গৈছে। আজিৰ এই স্বাস্থ্য শিৱিৰত জ্বৰ, কাহ, চকু, শৈল্য চিকিৎসাজনিত, প্রসূতিজনিত ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰাই বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে আজিৰ এই কাৰ্যসূচীত জাফাৰ উপদেষ্টা কিৰি ৰংহাং, সভাপতি ছামপ্রি বে’ৰ উপৰি জিলা স্বাস্থ্য সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰোপৰি স্বাস্থ্য শিৱিৰত চিকিৎসক ৰূপে অংশ গ্রহণ কৰে ক্ৰমে- ডাঃ বি এছ টকবি, ডাঃ ৰূপজিলিন ক্র’পী, ডাঃ ৰেংমিৰছ’ৰংহাংপী, ডাঃ এছ কে দাস, ডাঃ নৃপেন ইংহি, ডাঃ এল লাজেম, ডাঃ হিমাদ্রী বৰগোহাই, ডাঃ স্বাগতা ভূঞা, ডাঃ তালিম ইংতি কাথাৰপী, ডাঃ হামাও ডিফুছা আৰু ডাঃ সৌম্যজ্যোতি দাস।