
বিগত বৰ্ষৰ ১৯ মে’ত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে বজাৰৰ পৰা ২০০০ টকীয়া নোট (Rs 2,000 note) উলিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অৱশ্যে যদিও ২০০০ টকীয়া নোটৰ অধিকাংশই বজাৰৰ পৰা উলিওৱা হৈছে, তথাপিও এতিয়াও সম্পূৰ্ণৰূপে হোৱা নাই। ৰিজাৰ্ভ বেংকে (Reserve Bank) জনোৱা মতে, ২৯ মাৰ্চৰ শেষত ২০০০ টকীয়া নোটৰ পৰিমাণ ৮২০২ কোটি হয়। বিগত বৰ্ষৰ মে’ মাহত বজাৰত ৩ লাখ ৫৬ হাজাৰ কোটি টকাৰ নোট আছিল।

ইতিমধ্যে ৯৭.৬৯ শতাংশ নোট বেংকলৈ ঘূৰি আহিছে। উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছিল যে ৭ অক্টোবৰৰ ভিতৰত যিকোনো বেংকত ২০০০ টকীয়া নোট জমা কৰিব লাগে। তাৰ পিছত বেংকৰ ১৯টা শাখাত এই নোটসমূহৰ জমা আৰম্ভ হয়। কিন্তু যিসকলৰ হাতত এতিয়াও ২০০০ টকীয়া নোট আছে তেওঁলোকে ভাৰতীয় ডাক বিভাগৰ জৰিয়তে উক্ত ১৯টা শাখাত নোট জমা কৰিব পাৰিব।













