অৱশেষত গ্ৰেপ্তাৰ হ’ল বেংগালুৰুৰ (Bengaluru) ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অন্যতম মূল অভিযুক্ত। বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। ১৮টা স্থানত তালাচী চলোৱাৰ পিছত অৱশেষত সফল হয়। অভিযুক্তৰ নাম মুজাম্মিল শ্বৰীফ। তেওঁক বিচাৰিবলৈ এন আই এৰ বিষয়াসকলে কৰ্ণাটকৰ ১২টা, তামিলনাডুৰ ৫টা অঞ্চল আৰু উত্তৰ প্ৰদেশৰ এঠাইত তালাচী চলায়।
উল্লেখযোগ্য যে ১ মাৰ্চত এজন ব্যক্তিয়ে ৰামেশ্বৰম কেফেত প্ৰৱেশ কৰি বিস্ফোৰক ভৰ্তি বেগ এটা এৰি থৈ যায়। তাত এটা টাইমাৰ ছেট আছিল। এঘণ্টাৰ পিছত তাৰ বিস্ফোৰণ ঘটে। আহত হয় ১০ জন লোক। আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণৰ সূচনা কৰিবলৈ আইইডি ব্যৱহাৰ কৰা হৈছে। কিন্তু যিহেতু বিস্ফোৰকবোৰৰ মাত্ৰা বৰ বেছি নাছিল, সেয়েহে ইয়াৰ প্ৰভাৱ ইমান প্ৰবল নাছিল। যোৱা ৩ মাৰ্চত NIA-ই ঘটনাৰ তদন্তৰ দায়িত্ব লয়। কেন্দ্ৰীয় সংস্থাটোৰ মতে, এই ঘটনাৰ অন্যতম মূল অভিযুক্ত মুজাম্মিল।
অৱশেষত ২৭ দিনৰ অন্তত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। মুজামিলৰ বাহিৰেও ৰামেশ্বৰম কেফে বিস্ফোৰণৰ গোচৰৰ আন দুজন অভিযুক্তক চিনাক্ত কৰিছে NIA-ই। তেওঁলোক হ’ল মুছাৱীৰ ছাজিব হুছেইন আৰু আব্দুল মতিন তাহা। অৱশ্যে এতিয়াও বিচাৰি পোৱা নাই তেওঁলোকক। NIA-ই দাবী কৰে যে এই দুয়োজনেই এই ঘটনাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল।
১৭ মাৰ্চত কেন্দ্ৰীয় বিষয়াই এই তিনি অভিযুক্তৰ ঘৰ, তেওঁলোকৰ সম্পৰ্কীয় আন লোকৰ ঘৰ, দোকান আদিত তালাচী চলায়। অভিযানৰ সময়ত কেইবাটাও ডিভাইচ আৰু নগদ ধন উদ্ধাৰ কৰা হয়।
ইয়াৰ পূৰ্বে NIA-ই এই ঘটনাৰ এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ নাম শ্ববিৰ। শেহতীয়াকৈ তেওঁৰ ভ্ৰমণৰ সময়সূচী জানিহে কেন্দ্ৰীয় সংস্থাটোৱে তেওঁক জেৰা কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত অভিযুক্ত মুজাম্মিলক গ্ৰেপ্তাৰ কৰা হয়।