এটি পাঁচ বছৰীয়া শিশুকন্যাক ধৰ্ষণৰ (Child Rape) পিছত হত্যাৰ অভিযোগ উত্থাপন হৈছে ৰাজধানী দিল্লীত। দিল্লীৰ বাৱানা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, যোৱা ২৪ মাৰ্চত সংঘটিত কৰা হত্যাকাণ্ডৰ পিছত অভিযুক্তই শিশুটিৰ মৃতদেহ কাৰখানাত লুকুৱাই ৰাখিছিল।
আৰক্ষীৰ তদন্ত অনুসৰি, শিশুটিক খোৱা বস্তুৰ প্ৰতি লোভ দেখুৱাই কাৰখানাৰ ভিতৰলৈ লৈ যায়। তাৰ পিছত ধৰ্ষণ কৰি হত্যা কৰে। ইয়াৰ পিছতে শিশুটিৰ মৃতদেহটো কাৰখানাত লুকুৱাই থৈ পলায়ন কৰে। চিচিটিভি ফুটেজৰ সহায়ত অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাৰ তদন্ত অব্যাহত আছে।