বৃহস্পতিবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ (Mukhtar Ansari) মৃত্যু হয়। সন্ধিয়া হঠাতে বুকুৰ বিষ অনুভৱ কৰাত প্ৰথম অৱস্থাত কাৰাগাৰৰ ভিতৰতে চিকিৎসা আৰম্ভ কৰে চিকিৎসকে। কিন্তু মুখতাৰ হৃদৰোগত আক্ৰান্ত বুলি সন্দেহৰ সৃষ্টি হয়।
ইয়াৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই কুখ্যাত গেংষ্টাৰজনৰ মৃত্যু হয়। উল্লেখযোগ্য যে অলপতে আনছাৰীয়ে দাবী কৰিছিল যে জে’লৰ ভিতৰতে ‘স্লো পইজন’ৰ জৰিয়তে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ চলি আছে। এতিয়া মুখতাৰৰ এই মৃত্যুৱে বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে।