কংগ্ৰেছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma)। তেওঁ পুনৰ দোহাৰে যে অসম সম্পূৰ্ণভাৱে কংগ্ৰেছ শূন্য হ’ব (Assam will be completely Congress empty)। ২০১৪ চনৰ নিৰ্বাচনলৈকে প্ৰায় সংখ্যক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিব। যিখিনি বাকী থাকিব সেইখিনিয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিব। মুঠতে অসম কংগ্ৰেছশূন্য হ’ব। গোলাঘাটত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ সভাপতি ভূপেন বৰা সন্দৰ্ভতো পুনৰ মন্তব্য কৰি কয় যে ভূপেন বৰাৰ স্থান বিজেপিতহে আছে। ২০২৬ চনৰ পূৰ্বে ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি তেওঁ পুনৰ দৃঢ়তাৰে দাবী কৰে।
উল্লেখযোগ্য যে গোলাঘাটত সাংবাদিকৰে হোৱা বার্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি অসমৰ মানুহৰ অগাধ বিশ্বাস আছে৷ যাৰ বাবে গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ প্ৰায়বোৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে৷ তেওঁলোকক দলৰ মজিয়ালৈ আদৰণি জনোৱা বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷