বুধবাৰে নির্বাচন আয়োগৰ (Election Commission) পৰা কাৰণ দৰ্শোৱাৰ জাননী লাভৰ পিছত বৃহস্পতিবাৰে কংগ্রেছৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া শ্রীনেট (Supriya Shrinet dropped from Congress’ list of candidates)। উল্লেখযোগ্য যে বিগত কিছু দিন ধৰি চর্চাত আছে সুপ্রিয়া আৰু কঙ্গনা বিতর্ক। সুপ্ৰিয়াৰ সামাজিক মাধ্যমত হিমাচল প্রদেশৰ মান্দিৰ বিজেপি প্রার্থী, অভিনেত্রী কঙ্গনা ৰানাৱতৰ (BJP candidate, actress Kangana Ranaut) এখন ছবি পোষ্ট কৰি আপত্তিকৰ মন্তব্য কৰা হয়।
অৱশ্যে পিছত উক্ত পোষ্টটো আঁতৰাই পেলোৱা হয় আৰু সামাজিক মাধ্যমত এটি ভিডিও বার্তাত সুপ্রিয়াই জনায়, তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰ বহুতে চলায়।তাৰে ভিতৰত কোনোবাই তেওঁৰ অজ্ঞাতে এই পোষ্টটো কৰিছিল। কিন্তু তাতেই বিতর্কৰ অন্ত নপৰে। বুধবাৰে সুপ্রিয়ালৈ কাৰণ শ্ব’- কজ নোটিচ পঠায় নির্বাচন আয়োগে। ইয়াৰ পিছত বৃহস্পতিবাৰে জানিব পৰা গ’ল যে কংগ্রেছৰ প্রার্থী তালিকা পৰাও বাদ পপৰিছে তেওঁ। ২০১৯ চনত উত্তৰ প্রদেশৰ মহাৰাজগঞ্জৰ পৰা তেওঁ প্রার্থী হৈছিলছিলেন। কিন্তু বিজেপিৰ হাতত পৰাস্ত হ’লেও ওই আসনৰ পৰাই নিৰ্বাচন খেলাৰ কথা আছিল তেওঁৰ। কিন্তু সুপ্রিয়াৰ সলনি এইবাৰ উক্ত আসনৰ পৰা নিৰ্বাচনত যুঁজিব বীৰেন্দ্র চৌধুৰীয়ে।