নিৰ্বাচনৰ পূৰ্বেই অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি পাঁচগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ দিশে আগবাঢ়িছে। মনোনয়ন দাখিলৰ অন্তিম দিন বুধবাৰে নিজৰ বিধানসভা সমষ্টিৰ পৰা আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নকৰাত তেওঁলোকৰ নিৰ্বাচন কাৰ্যত নিশ্চিত হৈছে।
উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ওড়িশা, অন্ধ্ৰপ্ৰদেশ, ছিকিম আৰু অৰুণাচল প্ৰদেশতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। উত্তৰ-পূবৰ দুখন ৰাজ্য অৰুণাচল আৰু ছিকিমত ১৯ এপ্ৰিলত ভোটগ্ৰহণ।
২০১৯ চনত অৰুণাচল বিধানসভাৰ ৬০খন আসনৰ ভিতৰত ৪১খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। পিছত এনপিপিৰ ছয়জন আৰু কংগ্ৰেছৰ তিনিজন বিধায়কে গেৰুৱা শিবিৰত যোগদান কৰে। মুখ্যমন্ত্ৰী পেমাই এইবাৰ নিজৰ পুৰণি আসন টাৱাং জিলাৰ মুক্তোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যখনত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ।
সংবাদ সংস্থা পিটিআইৰ আগত পেমাই কয়, “পাঁচটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ বাহিৰে আন কোনোৱে মনোনয়ন পত্ৰ দাখিল কৰা নাই। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত বিনা প্ৰতিদ্বন্দ্বিতাৰে আসন লাভ কৰাৰ আশা কৰিছো।”