
ছুইজাৰলেণ্ডৰ সংস্থা IQAIR-ৰ বিশ্বজনীন প্ৰদূষণ পৰিস্থিতিৰ প্ৰতিবেদন মতে, নতুন দিল্লী হৈছে বায়ুৰ গুণাগুণৰ ফালৰ পৰা বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী। ইয়াৰ লগে লগে ৰাজধানীখনে একেৰাহে চাৰিবাৰকৈ প্ৰদূষণৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰে। কেৱল নতুন দিল্লীয়ে নহয়, সমগ্ৰ ভাৰতে বিপদত পৰিছে। কিয়নো বিশ্বৰ প্ৰদূষণৰ তালিকাত বাংলাদেশ আৰু পাকিস্তানৰ পিছতে তৃতীয় স্থানত আছে ভাৰত।

২০২৩ চনৰ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি আইকিউএয়াৰে প্ৰকাশ কৰিছে বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন। ইয়াত উল্লেখ আছে যে ভাৰতত বাৰ্ষিক গড় পিএম২.৫ প্ৰতি ঘনমিটাৰত ৫৪.৪ মাইক্ৰ’গ্ৰাম। বাংলাদেশ আৰু পাকিস্তানত ক্ৰমে ৭৯.৭ আৰু ৭৩.৭ মাইক্ৰ’গ্ৰাম। ২০২২ চনৰ প্ৰতিবেদনত ভাৰত প্ৰদূষণৰ তালিকাত অষ্টম স্থানত আছিল। সেই সময়ত পি এম ২.৫ প্ৰতি ঘনমিটাৰত ৫৩.৩ মাইক্ৰ’গ্ৰাম আছিল।
আনহাতে, বিহাৰৰ বেগুছৰাই বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ বুলি এই নতুন অধ্যয়নটোত প্ৰকাশ পাইছে। তাত বায়ুৰ গুণাগুণ প্ৰতি ঘনমিটাৰত ১১৮.৯ মাইক্ৰ’গ্ৰাম। আনহাতে, বিশ্বৰ শীৰ্ষ ১১ খন প্ৰদূষিত চহৰৰ ভিতৰত লাহোৰৰ বাহিৰে বাকী ১০খন ভাৰতৰ।
ইফালে সৰ্বাধিক প্ৰদূষিত ৫০ খন চহৰৰ ভিতৰত ৪২ খন ভাৰতৰ। ২০২২ চনত নতুন দিল্লীৰ বায়ুৰ গুণাগুণ আছিল ৮৯.১ মাইক্ৰ’গ্ৰাম। ২০২৩ চনত ই ৯২.৭ লৈ বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মাপকাঠী অনুসৰি, পিএম ২.৫ৰ সহ্যযোগ্য মাত্ৰা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰাম। তাৰ তুলনাত নতুন দিল্লীৰ প্ৰদূষণৰ মাত্ৰা অতি উচ্চ।
যাৰ ফলত ৰাজধানীৰ নাগৰিকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে। কেৱল নতুন দিল্লীয়ে নহয়, প্ৰতিবেদন অনুসৰি ভাৰতৰ ৯৬ শতাংশ নাগৰিকেই হুৱে উল্লেখ কৰা মাত্ৰাতকৈ সাতগুণ বেছি প্ৰদূষণৰ দ্বাৰা জৰ্জৰিত হৈছে। ৬৬ শতাংশ চহৰৰ বায়ুৰ গুণাগুণ প্ৰতি ঘনমিটাৰত ৩৫ মাইক্ৰ’গ্ৰাম। সাতখন দেশ (অষ্ট্ৰেলিয়া, ইষ্ট’নিয়া, ফিনলেণ্ড, গ্ৰেনাডা, আইচলেণ্ড, মৰিচাছ আৰু নিউজিলেণ্ড) নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত আছে।
অডিট সংস্থাটোৱে জনোৱা মতে, বিশ্বৰ ৩০ হাজাৰ ষ্টেচনত বায়ুৰ গুণাগুণ নিৰীক্ষণ কৰা হৈছে। ইয়াৰ উপৰি কম খৰচ সাপেক্ষ চেন্সৰো ব্যৱহাৰ কৰা হয়। ২০২২ চনত ১৩১খন দেশৰ ৭৩২৩টা অঞ্চলৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিল। ২০২৩ চনত ১৩৪খন দেশৰ ৭,৮১২টা অঞ্চলৰ পৰা বায়ুৰ গুণাগুণৰ প্ৰতিবেদন সংগ্ৰহ কৰা হৈছিল।
উল্লেখযোগ্য যে প্ৰদূষণে সমগ্ৰ বিশ্বতে জনস্বাস্থ্যত প্ৰভাৱ পেলায়। প্ৰদূষণৰ কাৰণে প্ৰতি ৯ জনৰ ভিতৰত এজনৰ মৃত্যু হয়। WHO-ৰ প্ৰতিবেদন অনুসৰি, বিশ্বত প্ৰদূষণৰ বাবে প্ৰতি বছৰে ৭০ লাখ লোকৰ মৃত্যু হয়। প্ৰদূষণৰ বাবে উশাহ-নিশাহৰ সমস্যা আৰু হাওঁফাওঁৰ ৰোগ বাঢ়িছে বুলি পৰিৱেশবিদসকলে কয়।
বহুতে ৰাজধানীৰ প্ৰদূষণৰ বাবে এফালে কেন্দ্ৰীয় ভিষ্টাক দোষাৰোপ কৰিছে আৰু আনফালে শস্যৰ অৱশিষ্ট জ্বলোৱাৰ কথা কৈছে। তেওঁলোকৰ মতে, অট্টালিকা বনোৱাৰ সময়ত প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি পেলোৱা হৈছে। প্ৰদূষণৰ তালিকাত বাৰে বাৰে প্ৰথম স্থান পোৱা অঞ্চলসমূহত সেউজ ধ্বংসৰ পৰিণতি আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত উন্মোচিত হৈছে।
শস্যৰ শিপা জ্বলোৱাৰ প্ৰভাৱ পৰিবেশৰ ওপৰত হ’লেও কেন্দ্ৰ বা সংশ্লিষ্ট ৰাজ্যই কোনো সমাধান উলিয়াব পৰা নাই। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনীতিবিদসকলে এই কথা বুজিবনে? তাক লৈ প্ৰশ্ন উত্থাপন হয়।










