বিগত ১০ মাহ ধৰি মণিপুৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত (Manipur Violence) ২২১ জন লোকৰ মৃত্যু হৈছে।আনহাতে, গুৰুতৰভাৱে আহত লোকৰ সংখ্যা কমেও ১,৫৫৫ জন। ইয়াৰ উপৰি হিংসাত্মক ঘটনাৰ সময়ত নিৰুদ্দেশ হৈছে ২৮জন লোক।
এই তথ্য মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে প্ৰকাশ কৰিছে। মণিপুৰ আৰক্ষীৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ ৩ মে’ৰ পৰা ৰাজ্যখনৰ বিভিন্ন থানাত ৬৩ টা ‘নিৰুদ্দেশ’ গোচৰ পঞ্জীয়ন কৰা হৈছে। ৰাজ্যৰ বিধানসভাত বিৰোধী কংগ্ৰেছৰ বিধায়ক কে মেঘচন্দ্ৰৰ এক প্ৰশ্নৰ উত্তৰত বীৰেনে কয়,
“নিৰুদ্দেশ হোৱা লোকৰ ভিতৰত ২৬ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ওপৰত তদন্ত অব্যাহত আছে। ইয়াৰ বাহিৰেও ৯ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।” মঙলবাৰে বীৰেন সিঙে কয় যে আহতসকলৰ ভিতৰত ১৪২৯ জন সাধাৰণ নাগৰিক। ইয়াৰ উপৰি মণিপুৰ আৰক্ষীৰ ৮৮ জন আৰু কেন্দ্ৰীয় বাহিনীৰ ২৮ জন আছে।
মণিপুৰ বিধানসভাত মুখ্যমন্ত্ৰী বীৰেন সিঙে মঙলবাৰে কয়, “আমাৰ চৰকাৰে ১৩৯টা পৰিয়ালক তেওঁলোকৰ ক্ষতিগ্ৰস্ত ঘৰ মেৰামতিৰ বাবে ৫০ শতাংশ অগ্ৰিম ধন দিছে। ৪৭২টা পৰিয়ালৰ বাবে নতুন ঘৰ নিৰ্মাণৰ অনুদান অনুমোদন দিয়া হৈছে।”