অসমৰ স্বাস্থ্য খণ্ডত এক মাইলৰ খুঁটি স্থাপন কৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Dr. Himanta Biswa Sarma) গুৱাহাটীত উদ্বোধন কৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান (State Cancer Institute inaugurated in Guwahati)। ৩৫০ খন বিছনাযুক্ত (With 350 beds) এই অত্যাধুনিক কৰ্কট প্ৰতিষ্ঠানখন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে চৰকাৰী স্তৰত প্ৰথমখন ৰবটিক ছাৰ্জাৰী বিশিষ্ট কৰ্কট চিকিৎসালয়।
উল্লেখযোগ্য যে আজিৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩৯৫ কোটি ব্যয়েৰে প্ৰতিষ্ঠা কৰা ৯ খন কৰ্কট চিকিৎসালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, অসমত কৰ্কট চিকিৎসাৰ বিশ্ব মানৰ নেটৱৰ্ক গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে ৩,৬০০ কোটি টকা বিনিয়োগ কৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰাৰ অধীনত এই কামবোৰ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত এই কৰ্কট প্ৰতিষ্ঠানসমূহ স্থাপন কৰা হৈছে।
আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অত্যাধুনিক চিকিৎসাজনিত সুবিধাসম্পন্ন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান জনসাধাৰণলৈ উছৰ্গা কৰাৰ উপৰি বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি কামৰূপৰ (মহানগৰ) বাবে ৬৪০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন কল্যাণ সাধনকাৰী নতুন প্ৰকল্পৰ শুভ উদ্বোধন আৰু ভূমি পূজন কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে নতুন কৰ ভৱন, নিৰ্মাণ শ্ৰমিকসকলৰ বাবে বিশ্ৰাম গৃহ, পূৰবী দুগ্ধ উদ্যোগৰ পূৰবী সম্প্ৰসাৰিত দুগ্ধ প্ৰকল্প আদি উদ্বোধন।