বৰলাংফেৰত কিশোৰীক বলাৎকাৰৰ (Teenage girl raped in Barlangpher) চেষ্টা কৰাৰ অভিযোগ সন্দৰ্ভত আজি এখন সংবাদমেল (Press conference) সম্বোধন কৰে সদৌ ডিমাছা ছাত্র সন্থা (Dimasa Students’ Union), কার্বি ছাত্র সন্থা (Karbi Students’ Union) আৰু হিলচ পিপুলচ কালচাৰেল ফৰামসহ (Hills People’s Cultural Forum) বহু জাতীয় সংগঠনে। এই ঘটনাৰ বাবে এগৰাকী কিশোৰক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জুভেনাইল গৃহলৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে। সংগঠনসমূহে এই ঘটনাত জড়িতক কঠোৰ শাস্তি বিহাৰ বাবে ফাষ্ট ট্রেক কৰ্টত ইয়াৰ বিচাৰ চলাবলৈ দাবী জনায়।
কার্বি আংলং জিলা প্রেছ ক্লাবত সংবাদমেলৰ পূর্বে সংগঠনসমূহে যৌথভাবে উক্ত অঞ্চললৈ গৈ এক চৰজমিন তদন্ত চলোৱা বুলি প্রকাশ কৰি এই তদন্তকালত উক্ত অঞ্চলত ব্যাপক হাৰত মূল্যবান গছ কাটি অবৈধ ব্যবসায় চলি থকা তথ্য লাভ কৰা বুলি কাৰ্বি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক জর্জ তিমুঙে প্রকাশ কৰে। তিমুঙে অভিযুক্তগৰাকীৰ এই অবৈধ ব্যৱসায়ৰ সৈতে সম্পর্ক থকাৰ কথা উল্লেখ কৰি এই অবৈধ ব্যবসায়ত জড়িত সকলক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ দাবী জনায়। জিলা প্রশাসন, আৰক্ষী প্রশাসন, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বন বিভাগক শীঘ্ৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ সকিয়াই দি অন্যথা কাৰ্বি ছাত্র সন্থাই ইয়াৰ বিৰুদ্ধে ওলাই অহাৰ হুংকাৰ দিয়ে।