বুধবাৰে নিশা ডিফু-লামডিঙ পথৰ বৰলাংফেৰ ত উদ্ধাৰ হৈছে অবৈধ কাঠসহ (Recovered with illegal timber) এখন টাটা মোবাইল বাহন ৷ প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে মাজনিশা কাৰবি আংলঙৰ মধ্য সংমণ্ডলৰ সহকাৰী বন বিষয়া বিভিচন টকবীয়ে নিজৰ চালকসহ গুৱাহাটীৰ পৰা নিজৰ বাহনেৰ গুৱাহাটীৰ পৰা ডিফু অভিমুখে আহি থকা অৱস্থাত বৰলাংফেৰ থানা এলেকাৰ লংকি টকবী গাঁৱৰ পথত অবৈধভাবে এএছ-০২ চিচি ৯৫৩০ নম্বৰৰ টাটা মোবাইল বাহনত মূল্যবান কৰৈ কাঠসহ থিয়হৈ থকা প্ৰত্যক্ষ কৰে৷
বাহনখনৰ ওচৰে-পাজৰে কোনো লোক আৰু দুৰ্বৃতৰ উপস্থিতি নথকাকলৈ কাঠ ভৰ্তি টাটা মোবাইল বাহনখন বনবিষয়াগৰাকীয়ে নিজেই চলাই অবৈধ কাঠসহ কাৰ্যালয়লৈ আনে৷ কাঠ আৰু বাহনখন বনবিভাগে জব্দ কৰে৷সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সহকাৰী বনবিষয়া বিভিচন টকবীয়ে কয় যে, কোনো লেকে বনাঞ্চৰ গছ কটা প্ৰত্যক্ষ কৰিলে তৎক্ষণাত বনবিভাগক অৱগত কৰিবলৈ আহ্বান জনায়৷ কাৰণ গছ থাকিলে অক্সেজেন থাকিব বুলি কয় বিষয়াগৰাকীয়ে৷