তিনিখন পার্বত্য জিলাৰ একমাত্র লোকসভা আসনখনৰ (only Lok Sabha seat) প্রার্থী নির্ণয় কৰাৰ উদ্দেশ্যে আজি ডিফুত তিনিখন পার্বত্য জিলাৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় পর্যবেক্ষক মন্ত্রী ৰনোজ পেগু। ডিফুৰ বিজেপি কার্যালয়ত বিয়লি ৪ বজাত পৃথকে পৃথকে তিনিওখন জিলা কমিটিন সৈতে বৈঠকত অংশগ্রহণ কৰে পর্যবেক্ষক তথা অসম চৰকাৰৰ মন্ত্রী ডাঃ ৰণোজ পেগু (Minister Dr. Ronoj Pegu)। উল্লেখ্য যে ডিফু লোকসভা আসনখনৰ বাবে এইবাৰ বর্তমানৰ সাংসদ হৰেণছিং বে’ৰ উপৰি আন বহু কেইগৰাকী প্রার্থীয়ে প্রার্থীত্বৰ বাবে আবেদন কৰা বুলি দলীয় সূত্রে জানিব পৰা গৈছে।
সাংসদ হৰেণ ছিং বে’ৰ (MP Haren Sing Bey) উপৰি ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং জ্যেষ্ঠ বিজেপি নেতা লংকি ফাংচ’, আৰএছএছ নেতা বলৰাম ফাংচ’, পৰিষদৰ শক্তিশালী কার্যবাহী সদস্য অমৰছিং তিচ’, গড়কাপ্তানি বিভাগৰ প্রাক্তন মুখ্য অভিযন্তা তথা আযুক্ত ৰাজেশ কেম্প্ৰাইও প্রার্থিত্বৰ দৌৰত আছে।
ইয়াৰোপৰি প্রাত্তন সাংসদ জয়ন্ত ৰংপিৰ পুত্র তথা পৰিষদৰ মনোনীত সদস্য মংবে ৰংপি, পৰিষদৰ গড়কাপ্তানি বিভাগৰ বর্ড অধ্যক্ষ লংছিং টকবিয়েও প্রার্থিত্বৰ বাবে অনুষ্ঠানিকভাবে আবেদন কৰা বুলি দলীয় সূত্রত প্রকাশ। উল্লেখনীয় যে বাৰ্তমানৰ সাংসদ হৰেণজিং বে’য়ে এইবাৰ দলীয় প্রার্থিতৰ পৰা বঞ্চিত হোৱাৰ সম্ভাবনাই অধিক বুলি ইতিমধ্যে ব্যাপক চর্চা চলিছে। ইয়াৰ বিপৰীতে পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অতি ঘনিষ্ঠ তথা প্রভাৱশালী কার্যবাহী সদস্য অমৰছিং তিছ’ৰ নাম এইবাৰ শীৰ্ষত থকা বুলি সূত্রই দাবী কৰিছে।
আনহাতে, তিনিখন জিলা সমিতিৰ সৈতে আলোচনাৰ অন্তত সংবাদমাধ্যমৰ সৈতে হোৱা বার্তালাপত মন্ত্রী পেগুৱে কয় যে- আগন্তুক লোকসভা নির্বাচনৰ বাবে প্রার্থী বাছনি কৰাৰ ক্ষেত্ৰত তিনিখন পার্বত্য জিলাব দলীয় কর্মকর্তা সকলৰ মনৰ বুজ ল’বলৈ দলে আমাক দায়িত্ব প্রদান কৰিছে আৰু সেই মর্মে আজি আমি ডিফুত উপস্থিত হৈ তিনিখন জিলা কমিটিৰ সৈতে আলোচনাত মিলিত হৈছো। প্রার্থিত্বৰ বাবে কিমানে আবেদন কৰিছে সেই সন্দর্ভতো কোনো মন্তব্য প্রকাশৰ পৰা বিৰত থাকে পেগু। বিজেপি এটা বৃহৎ দল বুলি উল্লেখ কৰি এই দলে বিভিন্ন উৎসৰ পৰা তথ্য আহৰণ কৰি সিদ্ধান্ত গ্রহণ কৰে বুলি উল্লেখ কৰি দলীয় নেতৃত্বইয়ে এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিব বুলি পেগুৱে সংবাদমাধ্যমৰ আগত প্রকাশ কৰে।
আনহাতে, মহাবিদ্যালয়সমূহ একত্রিকৰণ কৰা সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত মন্ত্রী শেভবে কয় যে, একত্রিকৰণ হ’ব বুলি ক’তো কোনো অধিসুচনা জাৰি কৰা হোবা নাই। কিন্তু একাংশ মহাবিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা অতি কম হোৱা কাৰণে সি বহনক্ষম হোৱা নাই। এই প্রসংগতেই মই কৈছো বিদ্যালয়ৰ ক্ষেত্রত এনে বাবেই আমি একত্রিকৰণ কৰিবলৈ বাধ্য হৈছো। সেয়ে যদি ছাত্র-ছাত্রীৰ সংখ্যা কম হৈ যায় আৰু শিক্ষকৰ সংখ্যা বেছি হৈ যায় আমি একত্রিকৰণ কৰিবলে বাধ্য হৈ পৰিম। বর্তমান আমাৰ সকলো উচ্চ শিক্ষা প্রতিষ্ঠানত নাম ভর্তিৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি প্রচেষ্টা চলাইছো।
মন্ত্রীগৰাকীয়ে লগতে কয় যে, মই বিশেষভাবে অনুৰোধ জনাইছো যে যিসকল শিক্ষনুষ্ঠানত ছাত্র-ছাত্রীৰ নাম ভর্তিৰ পৰিমাণ কম সেই সমূহ শিক্ষা প্রতিষ্ঠানৰ অধ্যক্ষসকল ছাত্র-ছাত্রীৰ মাজলৈ যাওক আৰু বিদ্যালয়সমূহলৈ যাওক, গুণগত শিক্ষা প্রদানৰ নিশ্চয়তা প্রদান কৰক তেতিয়া নিশ্চয়কৈ ছাত্র-ছাত্রী আহিব। মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকললৈ আহ্বান জনাই মন্ত্রী পেগুৱে কয়যে, যে, তেওঁলোকে মহাবিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে কার্যকৰী ব্যবস্থা গ্রহণ কৰক।