আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ গৃহমন্ত্ৰণালৰ ঘোষণামৰ্মে অসম তথা পশ্চিমবংগক বাদ দি দেশৰ প্ৰতিটো প্ৰান্ততে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে নাগৰিকত্ব সংশোধনী আইন-২০১৯ (CAA)। এই আইনৰ অধীনত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰা আৰু ৩১ ডিচেম্বৰ ২০১৪ ৰ আগতে ভাৰতত উপস্থিত হোৱা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টান আদি ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা প্ৰবজনকাৰীক নাগৰিকত্ব প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত হৈছিল। সমান্তৰালকৈ, ৰাষ্ট্ৰপতিৰ অনুমোদন ক্ৰমে এই বিধেয়কখন আইনত পৰিণত হৈছিল। এইখিনিতে, মন কৰিবলগীয়া যে, “নাগৰিকত্ব সংশোধনী আইন” কাৰ্যকৰী হোৱাৰ লগে লগে ডিজিটেলী ভাৰতীয় নাগৰিকত্ব পাবৰ বাবে আৱেদন কৰিব পাৰিব। শেহতীয়া তথ্য অনুসৰি আইনখনৰ বাবে প্ৰয়োজনীয় অধিনিয়মসমূহ ইতিমধ্যে সাজু হৈছে আৰু ইয়াৰ বাবে এটা পৰ্টেল মুকলি কৰা হৈছে, য’ত আৱেদনৰ বাবে ব্যক্তিজনক ভাৰতত প্ৰৱেশৰ নিৰ্ধাৰিত দিনৰ কোনো নথি-পত্ৰৰ প্ৰয়োজন নহ’ব। ভ্ৰমণ নথি অবিহনেই ভাৰতীয় নাগৰিকত্বৰ বাবে ব্যক্তিগৰাকীয়ে আৱেদন কৰিব পাৰিব।
২০২১-২২ বৰ্ষৰ এক প্ৰতিবেদন অনুসৰি ১ এপ্ৰিল ২০২১ ৰ পৰা ৩১ ডিচেম্বৰ ২০২১ ৰ ভিতৰত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ মুঠ ১,৪১৪ গৰাকী অনামুছলিম সংখ্যালঘু লোকক নাগৰিকত্ব আইন-১৯৫৫ ৰ আধাৰত ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হৈছে। এই লোকসকলক গুজৰাট, ৰাজস্থান, চত্তিশগড়, হাৰিয়ানা, পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী আৰু মহাৰাষ্ট্ৰত পঞ্জীয়ন বা স্বাভাৱিকৰণৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইফালে নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অসম, পশ্চিমবংগৰ পৰা কেইবাখনো আবেদন দাখিল কৰা হৈছিল। এই গোচৰ এতিয়াও উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। এই গোচৰৰ মীমাংসা নোহোৱাকৈ কিদৰে এই আইনৰ কাৰ্যকৰী কৰা হ’ব তাক লৈও ভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
এই আইন কাৰ্যকৰী হোৱাৰ সময়খিনিতে একাংশ দল তথা সংগঠন পুনৰ বাৰ প্ৰতিবাদত নমাৰ উমান পোৱা গৈছে। সেয়েহে, এইক্ষেত্ৰত প্ৰশাসনক কঠোৰ হ’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰে।