শুকুৰবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল (Press conference)ৰ আয়োজন কৰি সমাজকৰ্মী লিটছন ৰংফাৰে (Social activist Litson Rangfer) খেৰণিৰ PGR-VGR ভূমিত হবলগীয়া উচ্ছেদৰ বিৰুদ্ধে কৰা মন্তব্যৰ তীব্ৰ ভাষাত গৰিহণা দিয়ে জিলাখনৰ সমাজ কৰ্মী লিটছন ৰংফাৰে ৷
সংবাদমেলত লিটছন ৰংফাৰে কয় যে, যি সময়ত এগৰাকী খাটি অসমীয়া হিছাপে খিলঞ্জীয়া ভূমি সংৰক্ষণৰ বাবে মাত মাতিব লাগিছিল সেই সময়ত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কাৰবি আংলঙৰ PGR-VGR-ৰ উচ্ছেদক বেআইনী অবৈধ বুলি আখ্যা দিয়া গৰিহণাৰ যোগ্য বুলি কয় লিটছন ৰংফাৰে৷