
বুধবাৰে গৰুখুঁটি প্ৰকল্পক (Garukhuti Project) লৈ তীব্ৰ বাক-বিতণ্ডাৰ মাজতে সদন ত্যাগ কৰে বিৰোধীয়ে। উল্লেখ্য যে অসম চৰকাৰৰ চলিত বাজেট অধিবেশনৰ (Budget Session of Assam Government) নৱম দিনটোত গৰুখুঁটি প্ৰকল্প সন্দৰ্ভত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। যাৰ বাবে সদন ত্যাগ কৰে বিৰোধী দলৰ (Opposition party leaves House) সদস্যসকলে। সদন ত্যাগৰ পিছত বিধানসভা চৌহদত এআইইউডিএফ বিধায়ক আমিনুল ইছলামে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে গৰুখুঁটি প্ৰকল্পত চৰকাৰে 17 কোটি 52 লাখ টকা বিনিয়োগ কৰিছে ৷

কিন্তু দুটা বছৰ অতিক্ৰম কৰাৰ অন্তত এই প্ৰকল্পটোৰ পৰা উপাৰ্জন হৈছে মাত্ৰ 2 কোটি 57 লাখ টকাহে ৷ কেৱল এটা জনগোষ্ঠীক লক্ষ্য কৰি গৰুখুঁটি প্ৰকল্প গ্ৰহণ কৰা হৈছিল নেকি সেই প্ৰশ্নও উত্থাপন কৰে এআইআউডিএফ বিধায়কগৰাকীয়ে । আনহাতে, তেওঁ গৰুখুঁটি প্ৰকল্প বন্ধ কৰাৰো দাবী জনায় । ইফালে গৰুখুঁটি প্ৰকল্পক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । এই প্ৰকল্পটোৰ ব্যয়ৰ পুংখানুপুংখ হিচাপ দাবী কৰে কংগ্ৰেছে । ইয়াৰ উপৰি অখিল গগৈয়ে 17 কোটি খৰচ কৰি 2 কোটি অৰ্জন কৰা প্ৰকল্প পৃথিৱীত ক’তো নাই বুলি উল্লেখ কৰি ইয়াৰ উচিত তদন্ত দাবী কৰে ৷












