আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত (Sankaradeva Kalakshetra) আয়োজিত এক অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ ৰাজ্যিক অসামৰিক বঁটাসমূহ প্ৰদান (State Civil Awards conferred) কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ (Vice President Jagdeep Dhankhar was also present)।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বঁটাসমূহ প্ৰদান কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বঁটাৰ বাবে গঠন কৰা বিশেষ কেবিনেট কমিটীৰ সিদ্ধান্ত অনুসৰি এইবাৰ অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা (Assam Vaibhav Award) আগবঢ়োৱা হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক (Ranjan Gogoi)।
আনহাতে, অসম সৌৰভ বঁটা (Assam Saurav Award) আগবঢ়োৱা হৈছে এলভিছ আলী হাজৰিকা, কিষাণ চান্দ নদীয়াল, হিমা দাস আৰু নাদিয়াল দেউৰীক।
ইয়াৰ উপৰি অসম গৌৰৱ বঁটা (Assam Gaurav Award) প্ৰদান কৰা হয় বিহুৱা ৰঞ্জিত গগৈ, হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, ছাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, ওজাপালি বিশেষজ্ঞ দ্ৰোণ ভূঞা, জৈৱিক কৃষি বিশেষজ্ঞ নীলম দত্ত, বিশিষ্ট উদ্যোগী অনুপম ডেকা, প্ৰকৃতিবিদ সৌমদ্বীপ দত্ত, কৃষক বসন্ত ফুকন, বাঁহ উদ্যোগী মানেন্দ্ৰ ডেকা, আশাকৰ্মী মিনাক্ষী চেতীয়া, পখিলা লেকথেপি, ট্টেনজিং বডোচা, নিৰ্মল দে’, জেমছিন কুমবাংপাও, মেৰি হাচা, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তাক ।
উল্লেখ্য যে অসম বৈভৱ বঁটাত ৫ লাখ টকা, অসম সৌৰভ বঁটাত ৪ লাখ টকা আৰু অসম গৌৰৱ বঁটাত ৩ লাখ টকাকৈ নগদ ধনৰ লগতে স্মাৰক প্ৰদান কৰা হয়।