অসম চৰকাৰে (Assam Government) নিৰ্ধাৰণ কৰিছে বছৰি এক লাখ নতুন নিযুক্তিৰ লক্ষ্য। অৱশ্যে বিৰোধীৰ মতে এয়া চৰকাৰৰ অলীক স্বপ্ন। আনহাতে, চৰকাৰে এই লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হোৱা বুলি দাবী কৰিছে। অৱশ্যে সেয়া এবছৰত নহয়।চৰকাৰৰ দাবী, এক লাখ চৰকাৰী পদত নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি (Promise to recruit one lakh government posts) পূৰণৰ দিশত ক্ৰমাগতভাৱে অগ্ৰসৰ হৈ ৰাজ্য চৰকাৰ।
তাৰেই অংশ হিচাপে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত (Srimanta Sankardev Kalakshetra, Guwahati) আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণ (Distribution of Appointment Letters) অনুষ্ঠান।উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। আজিৰ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুঠ ১,২০৮গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়৷
ইয়াৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১,১৩৬গৰাকী প্ৰাৰ্থী আৰু গৃহ আৰু ৰাজনৈতিক বিভাগত ৭২গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে৷ আনহাতে, আজিৰ এই নিযুক্তিৰ ফলত ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ড আৰু গৃহ বিভাগে এক বিশেষ গতি লাভ কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ লগতে নিযুক্তিপ্ৰাপ্ত ষ্টাফ নাৰ্ছসকলক মাৰ্জিত ব্যৱহাৰ, কৰ্তব্যপৰায়ণতাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায়।
অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড° লক্ষ্মীপ্ৰিয়া প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।