মঙলবাৰে দিনিৰ ১ বাজি ৩০ মিনিটত খটখটীত আৰক্ষী (Khatkhati Police)ৰ অভিযানত নিচাযুক্ত হেৰইনসহ ( heroin seized) এজন যুৱক আটক (One Man Arrest) হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজানৰ চি আই মনজিত তেৰাঙৰ নেতৃত্বত আৰু এছ আই দীপক লাহন আৰু থানা ষ্টাফৰ 20-বি এন ছি আৰ পি এফৰ সহযোগত খটখটী থানা এলেকাৰ জনক পুখুৰীত (Janak Pond) এজন লোকে খোজকাঢ়ি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাওতে লোকজনৰ পৰা ১০টা চাবোনৰ বাকচত কঢ়িয়াই অনা ১৩৬.৭২ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয়৷
লোকজন ডিমাপুৰ বৰমা কেম্পৰ পৰা খোজকাঢ়ি খটখটী দিশে গৈ আছিল৷ লোকজন ডিমাপুৰ বৰমা কেম্পৰ কাগুৱান কেমে বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে লোকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পপা গৈছে৷