অসম-নাগালেণ্ড সীমান্তত কাৰবি আংলং জিলা আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানৰ পিছত আজি পুণৰ লাভ কৰিছে এক বৃহৎ সফলতা৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আলং (Karbi Alang) জিলাৰ ডিলাই আৰক্ষী (Dillai Police Station)য়ে আজি ১০ কোটি টকাৰ হেৰ’ইন জব্দ (Heroin worth Rs 10 crore seized) কৰিবলৈ সক্ষম হয়।
আজি বিয়লি ৩ বজাত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিলাই তিনিআলিত নিয়মীয়া তালাচী অভিযানত আৰক্ষীয়ে এখন টাটা উইংগাৰৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ডিলাই আৰক্ষীয়ে মণিপুৰ দিশৰ পৰা কাৰ্বি আংলং মান্জা দিশে আহি থকা এএছ-০১ কেচি- ৯০১৪ নম্বৰৰ বাহনখনত চলোৱা তালাচীত মুঠ ১৩০টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত এই হেৰ’ইনখিনি জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা হেৰ’ইনখিনিৰ ওজন 16 52.35 গ্রাম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰইনখিনি আৰক্ষীয়ে নিৰপেক্ষ সাক্ষীৰ সাক্ষাতে জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ বাহনখনৰ চালক আৰু সৰবৰাহকাৰী মহম্মদ ইলিয়াছ খান আৰু মহম্মদ চিৰাউদ্দিন (দুয়ো মণিপুৰৰ মইৰাং জিলাৰ কোৱাকটা খোমান অঞ্চলৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।) আৰক্ষীয়ে দুয়োকে গ্রেপ্তাৰ কৰি এনডিপিএছ এক্টত গোচৰ ৰুজো দি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷ হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷