নৱবৰ্ষৰ তৃতীয় পুৱাতে ৰাজ্য কঁপাই গৈছে এক ভয়ংকৰ দুৰ্ঘটনাই। বুধবাৰে পুৱা ৫ বজাত ডেৰগাঁৱৰ বালিজানত এখন বনভোজকাৰীৰ দলৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত দুটি শিশুসহ ১২ জন লোক থিতাতে নিহত হয়। আন ৩০ জন লোকক অসম মেডিকেল কলেজ হস্পিটেল যোৰহাটত ভৰ্তি কৰোৱা হয়।
তাতেই আৰু দুজনৰ মৃত্যু হয়।স্থানীয় সূত্ৰ মতে, গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ বনভোজকাৰী দলটোৱে তিনিচুকীয়াৰ টিলিঙা মন্দিৰ দৰ্শন কৰি বগীবিল দলঙলৈ বনভোজ খাবলৈ গৈ আছিল। তেনেতে বিপৰীত দিশৰ পৰা অহা এখন কয়লা কঢ়িয়াই অনা ট্ৰাকে মুখামুখিকৈ খুন্দা মাৰে বাছখনত।
লগে লগে অঞ্চলটোত হুৱা-দুৱা লাগি পৰে। স্থানীয় ৰাইজে আহি উদ্ধাৰ কাৰ্যত সহায় কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি আহত আৰু মৃতসকলক হস্পিটেললৈ প্ৰেৰণ কৰে।