ASSAM TIMES POST
ডিফু : লকডাউনৰ মাজত চৰকাৰে বহিঃৰাজ্যৰ পৰা বাছ-ৰে’ল, আৰু বিভিন্ন যান-বাহনৰ সহায়ত আৱদ্ধ শ্ৰমিকসকলক ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে মঙ্গলবাৰে পুৱা ইম্ফলৰ পৰা শ্ৰমিক কঢ়িয়াই অনা AS 01 E C 9080 নম্বৰৰ এখন যাত্ৰীবাহী বাছ বকলীয়াঘাটত দূৰ্ঘটনাত পতিত হয় ৷ উক্ত দূৰঘটনা কম-বেছি পৰিমানে ৭ জনকৈ শ্ৰমিক আঘাত প্ৰাপ্ত হোৱাৰ লগতে এজনৰ অৱস্থা অতি সংকটজনক অৱস্থাত ডিফুলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে৷ আহত আনসকলক বকলীয়াঘাট চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ৷
আহত শ্ৰমিকসকল ক্ৰমে, মেহেৰ উদ্দিন, আজাদ মণ্ডল, ছেৰ আলী সেখ, হাফেজ উদ্দিন সেখ, বলেন দাস আৰু আতাউৰ ৰহমান ৷ চালকে ওৰে নিশা গাড়ী চলোৱাৰ লগতে দ্ৰুত গতিত গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্যযোগ্য যে, মণিপুৰ চৰকাৰ গৃহ বিভাগৰ উপসচিব নিৰ্দেশ অনুসৰি বাছখন সূদূৰ ইম্ফলৰ পৰা ১৭ জন যাত্ৰী কঢ়িয়াই গুৱাহাটী অভিমূখে আহি আছিল ৷