
বিশিষ্ট সাহিত্যিক ডঃ প্ৰণৱজ্যোতি ডেকা (Litterateur Dr Pranabjyoti Deka)লৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা (Sahitya Akademi Award for the year 2023) আগবঢ়োৱা হৈছে। বুধবাৰে ৰাজ্যৰ বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা তথা অধ্যাপকগৰাকীক সাহিত্য অকাদেমি বঁটা প্ৰদানৰ কথা ঘোষণা কৰা হয়। তেওঁৰ ‘শ্ৰেষ্ঠ গল্প’ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাদেমি বঁটা লাভ কৰে। উল্লেখ্য যে ২০২১ চনত তেওঁৰ এই গল্প সংকলনখন প্ৰকাশ হৈছিল।
আনহাতে, ২০২২ বৰ্ষত এই গ্ৰন্থখনে অসম প্ৰকাশন পৰিষদৰ বঁটাও লাভ কৰিছিল। ১৯৩৯ চনৰ ২১ জুলাইত কলকাতাত জন্মলাভ কৰা প্ৰণৱজ্যোতি ডেকাৰ পিতৃ আছিল প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ হলিৰাম ডেকা। ১৯৫৫ গুৱাহাটীৰ ড’নবস্কৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰে ক্ৰমে কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ ১৯৬১ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আনহাতে, লেনীনগ্ৰাড খনি বিদ্যালয়ৰ পৰা তেওঁ অৰ্থনৈতিক ভূ-তত্ত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
তেওঁৰ দ্বাৰা ৰচিত তথা সম্পাদিত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে কৈলাসনাথ, একুৰি বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প, বিহুৱতী চৰাই আৰু শ্ৰেষ্ঠ গল্প, পৰমেশ্বৰ আছে নাই, চৰ্যা গীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ত্ব, ৰত্নজ্যোতিষ আৰু বিজ্ঞান, জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী আদি। তেওঁ ৰচনা কৰা অভিধানখন হৈছে জ্যোতি দ্বিভাষিক অভিধান। আত্মজীৱনীমূলক গ্ৰন্থ ‘সোণৰ চামুচ মুখত লৈ’।














