![]()
ঘোষিত হ’ল ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা (Sahitya Akademi Award-2023)। এইবাৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ দুগৰাকী সাহিত্যিকে (Two writers from Assam have won awards)। ইয়াৰে ভিতৰত শিশু সাহিত্যৰ ক্ষেত্ৰত (অসমীয়া ) এই বঁটা লাভ কৰিছে ৰথীন্দ্ৰনাথ গোস্বামী (Rathindranath Goswami)য়ে। ‘পোৱালমণি আৰু চিচিঙৰ দু:সাহসিক অভিযান’ নামৰ শিশুগ্ৰন্থখনৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে।

আনহাতে, অসমীয়া সাহিত্যৰ সাহিত্য অকাদেমি যুৱ বঁটা লাভ কৰিছে জিন্তু গীতাৰ্থ (Jintu Gitarth)ই। ‘মন মৰা তৰা’ নামৰ গ্ৰন্থখনৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে।উল্লেখযোগ্য যে এইবাৰ ঘোষিত সাহিত্য অকাদেমি বঁটাত নাই কোনো কাশ্মীৰী সাহিত্যিকৰ নাম। আনহাতে, মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ঘোষণা কৰা হোৱা নাই মণিপুৰী সাহিত্যৰ বঁটা।
আনহাতে, বড়ো ভাষাৰ বাবে সাহিত্য অকাদেমি শিশু সাহিত্য বঁটা লাভ কৰে প্ৰতিমা নন্দী নাৰ্জাৰীয়ে। তেওঁ ‘গ’সাইনী গোজোন নোজোৰ’ গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰে।
বড়ো ভাষাতে ‘সোম, জিও আৰো…’ গ্ৰন্থৰ বাবে মইনাওশ্ৰী দৈমাৰীয়ে সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ লাভ কৰে।
ইফালে নেপালী ভাষাৰ গ্ৰন্থ ‘ঘাত-প্ৰতিঘাতকা উদ্গৰহক’ গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ লাভ কৰে নেইনা অধিকাৰীয়ে।













