শ্বাহৰুখ খানৰ পত্নী গৌৰী খানক (Shah Rukh Khan’s wife Gauri Khan) প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জাননী প্ৰদান (ED Notice ) কৰিছে। শ্বাহৰুখৰ পত্নীৰ নাম ৩০ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাত জড়িত (Involved in financial fraud of Rs 30 crore) হৈছে। ইডিয়ে গৌৰীক সোনকালেই সাক্ষাতৰ বাবে মতাৰ সম্ভাৱনা আছে। অৱশ্যে গৌৰীয়ে এতিয়ালৈকে জাননীখনৰ উত্তৰ দিয়া নাই।
গৌৰী লক্ষ্ণৌস্থিত তুলচিয়ানি গ্ৰুপৰ প্ৰচাৰৰ মুখ আছিল। শ্বাহৰুখৰ পত্নীয়ে ২০১৫ চনত কোম্পানীটোত যোগদান কৰিছিল। কেইমাহমান পূৰ্বে মুম্বাইস্থিত যশৱন্তে লক্ষ্ণৌৰ সুশান্ত গল্ফ চিটি আৰক্ষী চকীত জামিন অযোগ্য এজাহাৰ দাখিল কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে ৮৬ লাখ টকাৰ মূল্য পৰিশোধ কৰাৰ পাছতো তেওঁ ফ্লেটটোৰ ছাবি পোৱা নাছিল। শ্বাহৰুখ খানৰ পত্নী গৌৰী খান তুলচিয়ানি কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট লিমিটেডৰ ব্ৰেণ্ড এম্বেচেডৰ।
যশৱন্ত সিনহাই কোম্পানীটোত এটা ফ্লেট কিনিবলৈ তেওঁৰ দ্বাৰা প্ৰভাৱিত হৈছিল। যশৱন্ত সিনহাই দাবী কৰিছিল যে যিহেতু ইণ্টিৰিয়ৰ ডিজাইনাৰ গৌৰী খান কোম্পানীটোৰ ব্ৰেণ্ড এম্বেচেডৰ, তেওঁ বিশ্বাস ভংগৰ বাবেও দায়বদ্ধ। গতিকে তেওঁ শ্বাহৰুখৰ পত্নীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
ইয়াৰ উপৰি এই কোম্পানীটোৰ বিৰুদ্ধে বিত্তীয় আত্মসাতৰ কেইবাটাও অভিযোগ দাখিল কৰা হৈছিল। ইয়াৰ পিছত গৌৰী খান ইডিৰ পৰ্যবেক্ষণৰ অধীনলৈ আহে। কিয়নো তেওঁ কোম্পানীটোৰ সৈতে জড়িত। এইটো জানিব পৰা গৈছে যে তেওঁক সোনকালেই মতা হ’ব। ইডি বিষয়াসকলে গৌৰীক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে, যদি তেওঁৰ বিৰুদ্ধে চমন জাৰি কৰা হয়।